অসম

assam

By

Published : Oct 4, 2020, 7:30 PM IST

ETV Bharat / state

ৱাল পেন্টিঙেৰে স্বচ্ছ অসম গঢ়াৰ লক্ষ্য সাত যুৱ শিল্পীৰ

যিহেতু এজন ব্যক্তিয়ে অকলে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰে গতিকে আমি সকলোৱে একত্ৰিত হৈ লগে-ভাগে সমাজৰ উন্নয়নৰ বাবে কাম কৰাটো আমাৰ কৰ্তব্য । মানুহৰ বৌদ্ধিক বিচক্ষণ আৰু কুশলী হাতৰ পৰশত ৰাজস্থানৰ দৰে মৰুৰ বুকুত সেউজীয়া শস্যই আজি হাঁহি মাৰিছে। মানুহৰ স্বাৰ্থতেই, মানুহৰ কল্যাণৰ বাবেই সমাজখনক ৰক্ষণাবেক্ষণ দিয়াটো একান্ত প্ৰয়োজন..

Guwahati
GuwahatiGuwahati

গুৱাহাটী, 4 অক্টোবৰ : স্বচ্ছ অসম আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰে কেইজনমান উদীয়মান যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। মহানগৰীৰ জালুকবাৰীৰ পৰা আৰম্ভ কৰি সমগ্ৰ মহানগৰীৰ লগতে বিভিন্ন জিলাৰ অন্তৰ্গত দেৱাল সমূহত ছবি অংকন কৰি ৰাইজক স্বচ্ছতাৰ প্ৰতি সজাগ কৰাৰ প্ৰচেষ্টা চলাই আছে যুৱক কেইজনে । অৱণ্যশা(avanyisa) নামৰ এটা ব্যক্তিগত সংস্থাই এনেদৰেই সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে লৈছে এই পদক্ষেপ।

লগতে পঢ়কঃহাথৰছ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত হাইলাকান্দি কংগ্ৰেছৰ প্ৰতিবাদ

যুৱ শিল্পীসকল ক্ৰমে ৱাকি ৰহমান, নিৰ্মল দাস, মৃগাংক কুমাৰ, সমীৰণ কলিতা, মঞ্জিল কাকতি, জেশ্বন আহমেদ আৰু শিৱম দূশাদকে ধৰি মুঠ ৭ যুৱকে অংকন কৰি উলিয়াইছে এখন বিশেষ ছবি। দেওবাৰে মহানগৰীৰ জালুকবাৰীস্থিত উৰণীয়া সেঁতুৰ দেৱালত অংকন কৰা প্ৰথমখন ছবি প্ৰদৰ্শন কৰি ৰাইজক সোণৰ অসমখন স্বচ্ছ কৰি ৰাখিবলৈ আহ্বান জনাই যুৱ শিল্পী কেইগৰাকীয়ে। ইফালে সংস্থাটোৱে মালিগাঁও, বৰিপাৰা, ছয়মাইল আদিকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত সম্পূৰ্ণ নিজা খৰছেৰে ছবি অংকনৰ কাম চলি থকা বুলি জানিব দিয়ে শিল্পীকেইজনে।

লগতে পঢ়কঃহঠাৎ খহি পৰিল কচুৱা-কাৰ্বি আংলং সংযোগী পকী দলং

ABOUT THE AUTHOR

...view details