গুৱাহাটী, ১ অক্টোবৰ : ৰাজ্যত ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে পৰ্যায় ক্ৰমে খোলা হৈছে শিক্ষানুষ্ঠানসমূহ । ইতিমধ্যে শিক্ষানুষ্ঠান খোলা সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে নতুন এছ অ’ পি । সেই অনুসৰি শুকুৰবাৰৰ পৰা নৱম, একাদশ আৰু স্নাতক মহলাৰ অফলাইন পাঠ্যক্ৰম আৰম্ভ হৈছে । ইতিমধ্যে, দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অফলাইন মাধ্যমেৰে ৰাজ্যত আৰম্ভ হৈছে ।
বৰ্তমানলৈকে সুস্থিৰ ভাৱেই দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম চলি আছে । ইয়াৰ মাজতে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা নৱম, একাদশ আৰু স্নাতক মহলাৰ অফলাইন পাঠদানক লৈয়ো আশাবাদী ৰাজ্যৰ সচতেন মহল । দীৰ্ঘদিন ধৰি কৰ'নাৰ বাবে বন্ধ হৈ আছিল অফলাইন পাঠদান । অনলাইন মাধ্যমেৰে পাঠদান অব্যাহত আছিল যদিও অনলাইন মাধ্যমৰ সুবিধা সকলো শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । দুৰ্বল নেটৱৰ্ক, অৰ্থনৈতিক সমস্যাকে ধৰি বিভিন্ন কাৰণত ৰাজ্যৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থী অনলাইন শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আছিল ।