গুৱাহাটী, 31 আগষ্ট:এইবাৰ সমুখ-সমৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰীকা ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই সীমা চেৰাই গ’লে গাৰ কাপোৰ খুলি যাব বুলি বুধবাৰে কৈছিল মন্ত্ৰী পীযুষ হাজৰীকাই ৷
পীযুষ হাজৰীকাই কৈছিল, ‘‘দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে আৰু কংগ্ৰেছৰ বিৰুদ্ধে আমি মুখ খুলিলে গাৰ কাপোৰ নাথাকিব ৷’’ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাই কয় যে বস্ত্ৰহৰণ বাজপেয়ী ভৱনতহে হৈছে ৷
ভূপেন বৰাৰ মন্তব্যৰ পাছত পুনৰ সৰৱ হয় মন্ত্ৰী পীযুষ হাজৰীকা ৷ ভূপেন বৰাক প্ৰত্যুত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ভূপেন বৰা হৈছে মহাভাৰতৰ ‘দুৰ্যোধন’ । মই কাৰো নাম কোৱা নাছিলো, কাপোৰ খোলাৰ অপসংস্কৃতি আৰম্ভ কৰিছিল ভূপেন বৰাই । ভূপেন বৰা হৈছে অপসংস্কৃতিৰ বাহক । মই নাম ক’লে বহু পুৰণি নেতাৰ নাম ওলাব । কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে প্ৰাক্তন সতীৰ্থই দিছপুৰ থানাত যৌন নিৰ্যাতনৰ অভিযোগ এজাহাৰ দাখিল কৰিছিল ৷’’