গুৱাহাটী, 18 ছেপ্টেম্বৰ :মহানগৰীৰ পল্টন বজাৰ থানাৰ অন্তৰ্গত লাচিত নগৰৰ বাছ আস্থানৰ সমীপত শনিবাৰে মাজনিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা । একাংশ সুৰামত্ত যুৱক-যুৱতীয়ে মাজনিশা ৰাজপথত তাণ্ডৱ চলাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে । মূলতঃ গাড়ী অভাৰটেক কৰাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হয় এই সংঘাতৰ ।
জানিব পৰা মতে, পল্টন বজাৰৰ পৰা ভঙাগড় অভিমুখে যোৱা AS 01 FG 2787 নম্বৰৰ চাৰিচকীয়া বাহনখনে লাচিত নগৰত উপস্থিত হোৱাৰ লগে লগে এখন গাড়ীক অভাৰটেক কৰে । অভাৰটেক কৰি অহা গাড়ীখনে পিচে পিচে খেদি আহি লাচিত নগৰত AS 01 FG 2787 নম্বৰৰ গাড়ীখনক আগুচি ধৰি উক্ত গাড়ীখনত থকা যুৱক-যুৱতী দ্বয়ক নমাই আনি উপৰ্যুপৰি প্ৰহাৰ কৰে ।
তাৰ পাচতে দুয়োপক্ষৰ মাজত ইজনে-সিজনক জিএছ ৰোড ঘাইপথত প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । দুয়োটা ফৈদৰ লোকে অত্যাধিক সুৰাপান কৰি এই কাজিয়াত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ পথচাৰীয়ে । ইফালে আধা ঘণ্টাতকৈ অধিক সময় দুয়ো পক্ষৰ মাজত এই কাজিয়া হয় ৷ ফলত পথৰ দুয়োকাষে ভয়াৱহ যান-জঁটৰ সৃষ্টি হয় ।