অসম

assam

ETV Bharat / state

Check Bounce issue : অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্স সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ স্পষ্টীকৰণ - চেক বাউন্স

মন্ত্রীৰ তদন্ত ঘোষণাৰ পাচতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালকে সামাজিক মাধ্যমযোগে দিলে স্পষ্টীকৰণ । সাংস্কৃতিক সঞ্চালকালয়ে চৰকাৰৰ পৰা ধন বিচাৰি বিমুখ হৈছিল । চৰকাৰৰ পৰা ধন নাপাই অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ পৰা ধাৰ লৈছিল । কেইবাদিনৰ চৰকাৰী বন্ধ আৰু বেংকৰ কাৰিকৰী বিসংগতিৰ বাবে সাংস্কৃতিক সঞ্চালকালয়ৰ একাউণ্টত জমা নহ’ল ধন । যাৰ বাবে বাউন্স হ’ল চেক ।

Clarification of Cultural Affairs Department on Check Bounce issue
চেক বাউন্স সন্দৰ্ভত স্পষ্টিকৰণ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ

By

Published : Mar 19, 2023, 2:03 PM IST

গুৱাহাটী, ১৯ মাৰ্চ: অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্স হোৱা ঘটনা সন্দৰ্ভত পলমকে হ’লেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংস্কৃতিক পৰিক্ৰমা বিভাগে (Assam State Film awards) । উল্লেখ্য যে ১৩ মাৰ্চত কলাক্ষেত্রত প্ৰদান কৰা হৈছিল ২০১৮ আৰু ২০১৯ বৰ্ষৰ অসম ৰাজ্যিক চলচ্চিত্র বঁটা । দুটা বছৰৰ বাবে মুঠ ৪০ টাকৈ শিতানত বঁটা প্ৰদান কৰা হৈছিল ।

বঁটা প্ৰদানৰ পাচতে প্ৰথমে নেপথ্য কণ্ঠশিল্পীৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মানকলৈ বিতৰ্কৰ সূত্রপাত ঘটিছিল । আনে গোৱা গানত আন শিল্পীক বঁটা প্ৰদান কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটাৰ পূৰ্বেই আন এক বিতৰ্কৰ সূত্রপাত হৈছিল । অসম ৰাজ্যিক চলচ্চিত্র বঁটাৰ লগত দিয়া চেক বাউন্স হোৱাৰ ঘটনাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (Cheques Given To Assam State Film Award Winners Bounce) । এই বিতৰ্কৰ পাছতে ঘটনাৰ তদন্ত কৰাৰ বাবে সাংস্কৃতিক মন্ত্রী বিমল বৰাই সাংস্কৃতিক বিভাগৰ সচিব লয়া মাদুৰীক নিৰ্দেশ দিছিল ।

২০ মাৰ্চৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছিল মন্ত্রীগৰাকীয়ে । মন্ত্রীৰ তদন্ত ঘোষণাৰ পাচতে আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালকে বিষয়টো সন্দৰ্ভত সামাজিক মাধ্যম যোগে স্পষ্টীকৰণ দিয়ে (Department of Cultural Affairs) । স্পষ্টীকৰণত সঞ্চালকগৰাকীয়ে কয় যে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ে অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ সহযোগত ১৩ মার্চৰ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছিল (Check Bounce issue) ।

সঞ্চালকগৰাকীয়ে লগতে কয় যে, অসম ৰাজ্যিক চলচ্চিত্র নীতি বিধি ১৯৯৪ৰ অধীনৰ অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ ‘মেমৰেন-ডাম অৱ এচ'ছিয়েশ্বন’ অনুসৰি চলচ্চিত্ৰ বঁটা আৰু মহোৎসৱ অনুষ্ঠিত কৰাৰ দায়িত্ব অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ যদিও অনুষ্ঠানৰ বাবে বাজেট সাংস্কৃতিক সঞ্চালকালয়ে ধার্য কৰে আৰু বঁটা প্ৰাপকসকলক প্ৰদান কৰা নগদ ধনৰ চেক সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা প্ৰদান কৰা হয় । বঁটা প্ৰাপকসকলক প্রদান কৰিবলগীয়া পর্যাপ্ত ধনখিনি সাংস্কৃতিক সঞ্চালকালয়ে চৰকাৰৰ পৰা ‘গেণ্টচ ইন এইড’ ৰূপত বিচৰিছিল যদিও লাভ নকৰাত ধনখিনি অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ পৰা ধাৰলৈ ল’বলৈ সিদ্ধান্ত লোৱা হয় । নিগমৰ পৰা ৪ মার্চত লাভ কৰা ৬০,৬৬,০০০ টকাৰ চেকখন সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা ৬ মার্চত বেংক অৱ বৰোডাত জমা দিয়া হয় ।

স্পষ্টীকৰণত সঞ্চালক গৰাকীয়ে কয় যে, চেক জমা দিয়াৰ পাচতো কেইবাদিনৰ চৰকাৰী বন্ধ আৰু বেংকৰ কাৰিকৰী বিসংগতিৰ বাবে সাংস্কৃতিক সঞ্চালকালয়ৰ একাউণ্টত ধন জমা নহ’ল । এই কথা বেংকৰ তৰফৰ পৰাও সঞ্চালকালয়ক মৌখিক অথবা লিখিত ৰূপত জনোৱা হোৱা নাছিল বাবে বিভাগটো বিষয়টোৰ সন্দৰ্ভত অৱগত হোৱা নাছিল। সেয়েহে শিল্পীক বঁটাৰ লগত দিয়া ধনৰ চেক বাউন্সৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হয় । এই ভুল সম্পূর্ণ অনিচ্ছাকৃত বুলি স্পষ্টীকৰণত উল্লেখ কৰা হয় ।

সাংস্কৃতিক সঞ্চালকালয়ে অসমৰ কলা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিজৰ দায়িত্ব আৰু কৰ্তব্য সহৃদয়তাৰে পালন কৰি আহিছে বুলি স্পষ্টিকৰণত সঞ্চালকগৰাকীয়ে কয় । তেনেস্থলত বিভাগটোৱে নিজৰ জ্ঞাতসাৰে অসমৰ শিল্পী সমাজক বিব্রত তথা অপমান কৰা কোনো কামেই কৰিব নোৱাৰে। বেংকত যাতে অতি শীঘ্ৰে ধনখিনি জমা হয় তাৰ বাবে ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বেংক কৰ্তৃপক্ষই জনোৱা মতে শিল্পীসকলেও আজিৰ পৰাই চেক জমা দি নিজৰ প্ৰাপ্য ধনখিনি মোকলাই নিব পাৰিব ।

উল্লেখ্য যে, ইমান বিতৰ্ক হোৱাৰ পাচত বহু পলমকৈ কিয় সাংস্কৃতিক পৰিক্ৰমা বিভাগে স্পষ্টিকৰণ দিলে তাক লৈ বহু প্ৰশ্নৰ অৱতাৰনা হৈছে । এটা কথা ঠিক যে বিভাগীয় মন্ত্রীৰ উপৰি বিভাগ সমূহৰ মাজত কোনো ধৰণৰ সমন্বয় নাই । যাৰ পৰিপ্ৰেক্ষিতত এনে গুৰুতৰ বেমেজালিৰ সৃষ্টি হ'বলৈ পালে । আনহাতে চৰকাৰেও দিয়া নাছিল পুঁজি ।

লগতে পঢ়ক:State Film Award Controversy: শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা গ্ৰহণ কৰি বিতৰ্কত নাহিদ আফ্ৰিন; ঘূৰাই দিব বঁটা !

ABOUT THE AUTHOR

...view details