অসম

assam

ETV Bharat / state

Beneficiary controversy: সংবাদমাধ্যমেহে শিক্ষকসকলক হিতাধিকাৰী সজাইছে: জয়ন্ত মল্ল বৰুৱা - AMRIT KALASH YATRA

"সংবাদমাধ্যমেহে শিক্ষকসকলক হিতাধিকাৰী সজাইছে ৷ শিক্ষকসকলৰ নিজৰ যোগ্যতা তথা নিজৰ জ্ঞানৰ ওপৰত অকণমান হ'লেও অহংকাৰ থাকে আৰু সেই অহংকাৰটোক সংবাদমাধ্যমে আক্ৰমণ কৰিছে, যাতে তেওঁলোকে ক্ষোভ উজাৰি দুই-এষাৰ কথা কয় ৷" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক হিতাধিকাৰী বুলি মন্তব্য কৰা সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

Beneficiary controversy
সংবাদমাধ্যমেহে শিক্ষকসকলক হিতাধিকাৰী সজাইছে; জয়ন্ত মল্ল বৰুৱা

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 7:40 PM IST

সংবাদমাধ্যমেহে শিক্ষকসকলক হিতাধিকাৰী সজাইছে; জয়ন্ত মল্ল বৰুৱা

গুৱাহাটী, 17 অক্টোবৰ:যোৱা15 অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক হিতাধিকাৰী বুলি মন্তব্য কৰা সন্দৰ্ভত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি মুখ্যমন্ত্রীগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷

মঙলবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্টীকৰণ দিয়ে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, সেই সময়ত সেই স্থানত তেওঁ নিজেই উপস্থিত আছিল। সাংবাদিকে মুখ্যমন্ত্রীক প্ৰশ্ন কৰিছিল যে শিক্ষকসকলক স্কুটী দি হিতাধিকাৰী কৰিব বিচাৰিছে নেকি ? তাৰ উত্তৰত মুখ্যমন্ত্রীয়ে কৈছিল যে, শিক্ষকসকলক আমিয়ে চাকৰি দিছো, গতিকে যদি শিক্ষকসকল হিতাধিকাৰী হ'ব লাগে তেন্তে চাকৰি আমিয়ে দিছো। তাত হিতাধিকাৰীৰ প্ৰশ্নটো আহিবই নোৱাৰে ৷

মন্ত্ৰীগৰাকীয়ে ওলোটাই সংবাদমাধ্যমেহে শিক্ষকসকলক হিতাধিকাৰী সজায় বুলি মন্তব্য প্ৰকাশ কৰে ৷ লগতে তেওঁ কয় যে, শিক্ষকসকলৰ নিজৰ যোগ্যতা তথা নিজৰ জ্ঞানৰ ওপৰত অকণমান হ'লেও অহংকাৰ থাকে আৰু সেই অহংকাৰটোক সংবাদমাধ্যমে আক্ৰমণ কৰিছে, যাতে তেওঁলোকে ক্ষোভ উজাৰি দুই-এষাৰ কথা কয় ৷

লক্ষণীয়ভাৱে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্রীৰ মন্তব্যক ৰক্ষণাবেক্ষণ দিবলৈ গৈ সকলো দোষ সংবাদ মাধ্যমৰ ওপৰত জাপি দিয়াৰ প্ৰয়াস কৰে। হিতাধিকাৰীৰ প্ৰসংগটোত কোনো বিতৰ্কই নাই বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অৰুণোদয়ৰ যোগেদি চৰকাৰে দৰিদ্ৰজনক সহায় কৰিছে। চৰকাৰৰ এই সহায়ক সংবাদ মাধ্যমেহে হিতাধিকাৰী বুলি কয় বুলি দোষাৰোপ কৰে মন্ত্ৰীগৰাকীয়ে ।

লক্ষণীয় যে দেওবাৰে নলবাৰীৰ বৰভাগ উন্নয়ন খণ্ডৰ সৌজন্যত আয়োজিত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছিল, "অসমৰ আশী শতাংশ শিক্ষকক মোৰ হাতেৰেই নিযুক্তি দিছোঁ ৷ তেওঁলোক যদি হিতাধিকাৰী, তেন্তে আগৰ পৰাই হিতাধিকাৰী ৷"

লগতে পঢ়ক:Samujjal Kumar Bhattacharya : শিক্ষক সকলৰ প্ৰতি কৰা অপমানসূচক মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়: সমুজ্জ্বল কুমাৰ ভট্টচাৰ্য

ABOUT THE AUTHOR

...view details