গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: আদালতত হাজিৰ হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীলৈ আদালতে জাৰি কৰিছে চমন (CJM court summons CM Himanta Biswa Sarma)। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা সম্বন্ধীয় এক গোচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশে ।
২৫ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হোৱা বাবে মুখ্যমন্ত্ৰী শৰ্মাক কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশে চমন জাৰি কৰিছে । নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মাই ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত এটা চেটেলাইট নিউজ চেনেলক সাক্ষাৎকাৰ দিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । নিৰ্বাচনী প্ৰচাৰৰ সময় শেষ হোৱাৰ পিছতো চেটেলাইট চেনেলত সাক্ষাৎকাৰ দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৷