এঘণ্টা ধৰি চিটিস্কেন মেচিনত আবদ্ধ ৰোগী - সুৰাসক্ত
চিটিস্কেন মেচিনত কৰ্মৰত জোন দাস নামৰ লোকজনে সুৰাসক্ত হৈ চিত্বেশ্বৰ বৰুৱা নামৰ ৰোগী এজনক এঘণ্টা ধৰি চিটিস্কেন মেচিনত সুমুৱাই ৰাখে ৷ মেচিনটোৰ কাৰিকৰী অসুবিধা বাবে ৰোগীক মেচিনটোৰ ভিতৰতে সোমোৱাই ৰখাক লৈ চিকিৎসালয়খনত হুলস্থুলৰ সৃষ্টি হয় ৷
গুৱাহাটী, 10 চেপ্তেম্বৰঃ মহানগৰীৰ বেলতলাস্থিত এজাইল হস্পাতালত সোমবাৰে নিশা সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ ৷ ঘটনা সন্দৰ্ভত চিটিস্কেন মেচিনত কৰ্মৰত জোন দাস নামৰ লোকজনে সুৰাসক্ত হৈ চিত্বেশ্বৰ বৰুৱা নামৰ ৰোগী এজনক এঘণ্টা ধৰি চিটিস্কেন মেচিনত সুমুৱাই ৰাখে ৷ মেচিনটোৰ কাৰিকৰী অসুবিধা বাবে ৰোগীক মেচিনটোৰ ভিতৰতে সুমুৱাই ৰখাক লৈ চিকিৎসালয়খনত হুলস্থুলৰ সৃষ্টি হয় ৷ সুৰাসক্ত হৈ চিটিস্কেন কৰ্মচাৰীজনৰ এনে দায়িত্বজ্ঞানহীনতাৰ বাবে ন্য়ায় বিচাৰি বশিষ্ঠ আৰক্ষীৰ ওচৰ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে।