গুৱাহাটী, 6 মে’: চাৰিচকীয়া বাহনৰ গ্লাছত ক’লা পেপাৰ লগোৱাৰ বিৰুদ্ধে কঠোৰ হৈছে যানবাহন আৰক্ষী । প্ৰতিদিনেই মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে চলাই আছে অভিযান । সোমবাৰেও মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে মালিগাঁৱতো চলিল যানবাহন আৰক্ষীৰ অভিযান । ক’লা পেপাৰ ব্যৱহাৰ কৰা গাড়ী চালকক জৰিমনা বিহাৰ লগতে পুনৰ ক’লা পেপাৰ নলগাবলৈ নিৰ্দেশ দিয়ে যানবাহন আৰক্ষীয়ে ।
ক’লাৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান - কলা পেপাৰ
ক’লা পেপাৰ ব্যৱহাৰ কৰা গাড়ী চালকক জৰিমনা বিহাৰ লগতে পুনৰ ক’লা পেপাৰ নলগাবলৈ নিৰ্দেশ দিয়ে যানবাহন আৰক্ষীয়ে ।
মহানগৰী আৰক্ষীৰ কলা পেপাৰ লগোৱা চাৰিচকীয়া বাহনৰ বিৰুদ্ধে অভিযান
আৰু পঢ়ক: মৃত্যুৰ মুখলৈ গতি কৰিছে নামৰূপৰ একমাত্ৰ সাৰ কাৰখানাটো
ইয়াৰ উপৰিও পুনৰ নিয়ম উলংঘা কৰিলে গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিয়ে যানবাহন আৰক্ষীয়ে । আদালতৰ নিৰ্দেশনা অনুযায়ী কোনো বাহনৰ গ্লাছত লগাব নোৱাৰিব অতিৰিক্ত পেপাৰ । ইফালে নিয়মীয়াকৈ যানবাহন আৰক্ষীৰ এই অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে ।