অসম

assam

ETV Bharat / state

চৰকাৰী নীতি নিৰ্দেশনা মানি দূৰ্গা পূজাৰ বাবে সাজু মহানগৰৰ পূজা সমিতি - কালাপাহাৰ

চৰকাৰৰ নিৰ্দেশনা মানি দূৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে মহানগৰ গুৱাহাটী ৷ চৰকাৰে বান্ধি দিয়া নীতি নিয়ম মানি অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে বহুকেইখন পূজা সমিতি ৷ বুধবাৰে নাৰেংগী আঞ্চলিক দূৰ্গা পূজা সমিতিৰ লাইখুটা স্থাপন ৷

দূৰ্গা পূজাৰ বাবে সাজু মহানগৰৰ পূজা সমিতি
দূৰ্গা পূজাৰ বাবে সাজু মহানগৰৰ পূজা সমিতি

By

Published : Oct 14, 2020, 6:57 PM IST

গুৱাহাটী, 14 অক্টোবৰ: সমাগত শাৰদীয় দূৰ্গা পূজা ৷ কিন্তু ক'ৰণাসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বিগত বছৰবোৰৰ দৰে এইবাৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হোৱা নাই ৷ দূৰ্গা পূজাক লৈ চৰকাৰেও কেতবোৰ নীতি নিয়ম বান্ধি দিয়াৰ লগে লগেই অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত মহানগৰীৰ কেইবাখনো পূজা সমিতিৰ ৷ পূজা সমিতিৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসনে যিসমূহ নীতি নিয়মৰ কথা কৈছে, সেই নিৰ্দেশনাৰ ভিত্তিতে পূজা সমিতি সমূহে পূজা অনুষ্ঠিত কৰিব ৷

চৰকাৰী নিৰ্দেশনা মানি দূৰ্গা পূজাৰ বাবে সাজু মহানগৰৰ পূজা সমিতি

উল্লেখ্য যে বুধবাৰে মহানগৰীৰ নাৰেংগী আঞ্চলিক দূৰ্গা পূজা সমিতিয়ে পূজাস্থলিৰ লাই খুটা স্থাপনৰ কাৰ্যসূচী সম্পন্ন কৰে ৷ ইফালে কালাপাহাৰ ভৈৰৱতলা দূৰ্গা পূজা সমিতিয়েও চৰকাৰী নিৰ্দেশনাৰ ভিত্তিতে পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ৷ ভৈৰৱতলা দূৰ্গা পূজা সমিতিৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে যে মাস্ক পৰিধান আৰু সামাজিক দুৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব ৷

লগতে পঢ়ক:শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details