গুৱাহাটী, ১২ মাৰ্চ:গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ লগত জড়িত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে স্মাৰ্ট মহানগৰ আৰক্ষী(Minor girl raped in Guwahati) । এজাহাৰ দিয়া পাঁচদিন উকলি যোৱাৰ পাছতো অভিযুক্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই হৰমিত সিং নেতৃত্বাধীন গুৱাহাটী আৰক্ষীয়ে (Gang rape in Guwahati)। তদন্তৰ অব্যাহত ৰাখিছে যদিও অভিযুক্তই আত্মগোপন কৰি থকা কোনোধৰণৰ তথ্য বৰ্তমানেও লাভ কৰা নাই আৰক্ষীয়ে ।
উল্লেখ্য যে, শনিবাৰে পাঁচ অভিযুক্তৰ পৰিয়ালৰ সদস্য়ক পানবজাৰ মহিলা থানাত সোধ-পোচ অব্যাহত ৰাখে যদিও কোনো কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে । ইফালে, বিশেষ সূত্ৰ অনুসৰি ১৬ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে অভিযুক্ত বিকি আলিৰ (২২) প্ৰেমৰ সম্পৰ্ক থকা বুলিও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । ১৬ ফেব্ৰুৱাৰীত অভিযুক্ত বিকি আলিয়ে কিশোৰীগৰাকীক লৈ গৈছিল ঘৰলৈ । ঘৰতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি মোবাইল ফোনটো আবদ্ধ কৰিছিল ভিডি'অ (Minor girl gang raped filmed by several men)।
মোবাইলত আবদ্ধ ভিডি'অ ভাইৰেল কৰি দিয়াৰ ভাবুকি দি ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ মাতি নিছিল নাবালিকা কিশোৰীগৰাকীক । এই গেষ্ট হাউচৰে ১০৫ নম্বৰ কোঠাত চাৰি বন্ধুৰ সৈতে মিলি দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল কিশোৰীগৰাকীক ।