অসম

assam

ETV Bharat / state

বিকল হৈ পৰি আছে ৰাজ্য চৰকাৰৰ কেইবালাখ টকীয়া অভিলাষী শ্মশান - মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

২০১২ বৰ্ষতে তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ দিনত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানত কেইবালক্ষাধিক টকাৰ ব্যয় সাপেক্ষে মুকলি কৰিছিল গেছ চালিত শ্মশান ৷ কিন্তু দিন বাগৰাৰ লগে লগে ৰাজ্য চৰকাৰৰ এই অভিলাষী আৰু ব্যয়বহুল প্ৰকল্পৰ পঁয়া লাগিবলৈ ধৰিলে ৷ সৌ সিদিনা উলুবাৰীত বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে মুকলি কৰিছিল প্ৰায় কোটি টকীয়া এক বৈদ্যুতিক শ্মশান ৷ উদ্বোধনহে হ’ল, ব্যৱহাৰ পাছে আজিলৈকে হোৱাই নাই ৷

electric cremation center
electric cremation center

By

Published : Aug 30, 2020, 1:38 AM IST

গুৱাহাটী, ২৯ আগষ্ট : মহানগৰৰ নাগৰিকসকলৰ আত্মীয়ৰ কোনো লোক স্বৰ্গগামী হ’লে তেওঁৰ মৃতদেহ সৎকাৰৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে মহানগৰীৰ কেইবাটাও প্ৰান্তত স্থাপন কৰিছিল বৈদ্যুতিক শ্মশান ৷ যাৰ সহায়ত অতি কম মূল্যত আৰু একেবাৰে কম সময়ৰ ভিতৰত সৎকাৰ কৰিব পাৰে মৃতদেহ ৷

সেই উদ্দেশ্যেৰে ২০১২ বৰ্ষতে তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ দিনত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানত কেইবালক্ষাধিক টকাৰ ব্যয় সাপেক্ষে মুকলি কৰিছিল গেছ চালিত শ্মশান ৷ আৰম্ভণিতে সকলো ঠিকেই আছিল ৷ চেগাচোৰোকাকৈ দুই এক মৃতদেহো সৎকাৰ কৰা হৈছিল ৰাজ্যচৰকাৰৰ উক্ত অভিলাষী গেছ চালিত শ্মশানত ৷ কিন্তু দিন বাগৰাৰ লগে লগে ৰাজ্য চৰকাৰৰ এই অভিলাষী আৰু ব্যয়বহুল প্ৰকল্পৰ পঁয়া লাগিবলৈ ধৰিলে ৷ নাগৰিকসমাজে মৃতদেহ সৎকাৰ কৰিব নোখোজা হ’ল এই গেছ চালিত শ্মশানত ৷ যাৰ ফলত দীৰ্ঘদিনে অব্যৱহৃত হৈ আজি এবছৰৰো অধিক কালে বিকল হৈ পৰি আছে ৰাজ্য চৰকাৰৰ কেইবালাখ টকীয়া এই অভিলাষী শ্মশান ৷

বিকল হৈ পৰি আছে ৰাজ্য চৰকাৰৰ কেইবালাখ টকীয়া অভিলাষী শ্মশান

ইয়াৰ পিছত সৌ সিদিনা উলুবাৰীত বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে মুকলি কৰিছিল এখন প্ৰায় কোটি টকীয়া বৈদ্যুতিক শ্মশান ৷ উদ্দেশ্য একেই ৷ পাছে হ’লে কি হ’ব ৷ আছে গৰু নাবাই হাল ৷ এইখন ব্যয়বহুল বৈদ্যুতিক শ্মশানৰো একেই অৱস্থা ৷ উদ্বোধনহে হ’ল, ব্যৱহাৰ পাছে আজিলৈকে হোৱাই নাই ৷ তেনেহ’লে ইমানটকা ব্যয় সাপেক্ষে ৰাজ্য চৰকাৰে কিয় নিৰ্মাণ কৰিছে এনেকুৱা অভিলাষী তথা ব্যয়বহুল বৈদ্যুতিক শ্মশান ৷

সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ কল্পনাৰো অগোচৰ এনে ব্যয়বহুল তথা বিজ্ঞানসন্মত বৈদ্যুতিক শ্মশানৰ প্ৰয়োজনেই বা মহানগৰত এতিয়া কিমান ? কিয়নো চৰকাৰৰ উদ্দেশ্য মহৎ হ’লেও নাগৰিকসকলৰ মৃতদেহ সৎকাৰৰ প্ৰথম পচন্দ পূৰ্বৰ পৰম্পৰাগত সৎকাৰহে ৷

লগতে পঢ়ক :অজিত ভূঞাৰ দলৰে কিয় মত নিমিলে অৰূপ বৰবৰাৰ: ই টিভি এক্সক্লুছিভ

ABOUT THE AUTHOR

...view details