অসম

assam

ETV Bharat / state

লক্ডাউন প্ৰত্যাহাৰৰ প্ৰথম দিনটোতেই বিনা মাস্কেৰে বাহিৰলৈ ওলাল একাংশ মহানগৰবাসী - Night curfew

অসমত প্ৰত্যাহাৰ কৰা হ'ল লকডাউন ৷ লকডাউন প্ৰত্যাহাৰৰ প্ৰথম দিনটোতেই প্ৰশাসনৰ আহ্বানক বুঢ়া আঙুলি একাংশ নাগৰিকৰ ৷ বিনা মাস্কেৰে মহানগৰীৰ ৰাজপথ আৰু অন্যান্য বজাৰসমূহত ব্যাপক জনসমাগম ৷ মহানগৰীত ঘূৰি আহিল কৰ'ণাকালৰ আগৰ ব্যস্ততা ৷

অসমত প্ৰত্যাহাৰ কৰা হ'ল লকডাউন
অসমত প্ৰত্যাহাৰ কৰা হ'ল লকডাউন

By

Published : Sep 5, 2020, 8:29 PM IST

গুৱাহাটী, 5চেপ্তেম্বৰ: স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল গুৱাহাটী মহানগৰী ৷ COVID-19 অতিমাৰীৰ প্ৰকোপত প্ৰায় পাঁচমাহে স্তব্ধ হৈ ৰোৱা মহানগৰবাসীয়ে শনিবাৰৰ দিনটোত ঘূৰাই পালে আগৰ স্বাভাৱিক অৱস্থা ৷ ৰাজ্য চৰকাৰে সাপ্তাহিক লক্ডাউন আৰু নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত সম্পূৰ্ণ শিথিলতা গ্ৰহণৰ কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক জনসমাগম পৰিলক্ষিত হ’ল ৷

শেহতীয়া বিত্তীয় ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সম্পূৰ্ণ শিথিলতা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল যদিও কৰ'ণা প্ৰতিৰোধৰ বাবে সকলোধৰণৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাইছিল ৷ কিন্তু শনিবাৰৰ দিনটোত পৰিলক্ষিত হোৱা সম্পূৰ্ণ ওলোটা প্ৰতিচ্ছবিয়ে এতিয়া সচেতন নাগৰিকসকলক চিন্তিত কৰি তুলিছে ৷

সাপ্তাহিক লক্ডাউন আৰু নৈশ সান্ধ্য আইন প্ৰত্যাহাৰ কৰিলেও ৰাজহুৱা স্থানত মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱস্থা প্ৰশাসনে বাধ্যতামূলক কৰিছিল ৷ কিন্তু লক্ডাউন প্ৰত্যাহাৰ কৰাৰ পাছৰ প্ৰথম দিনটোতেই একাংশ নাগৰিকে প্ৰশাসনৰ আহ্বানক বুঢ়া আঙুলি টোৱাই বিনা মাস্কেৰে মহানগৰীৰ ৰাজপথ বা অন্যান্য বজাৰসমূহত ভিৰ কৰিলেহি ৷

উল্লেখ্য যে, শুকুৰবাৰৰ দিনটোত ৰাজ্য চৰকাৰৰ গৃহ সচিব কুমাৰ সঞ্জয় কৃষ্ণই শেহতীয়া বিত্তীয় ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সম্পূৰ্ণ শিথিলতা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল ৷ দীৰ্ঘদিন ধৰি বলবৎ হৈ থকা লক্ডাউনৰ বাবে এক প্ৰকাৰে কোঙা হৈ পৰা ৰাজ্যৰ বিত্তীয় ব্যৱস্থাক সুস্থিৰ কৰাৰ উদ্দেশ্যে কৰা এই ঘোষণাৰ পাছতে শনিবাৰৰ দিনটোত পথৰ দুয়োকাষে সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি হোৱাৰ সমান্তৰালকৈ দেখা গ'ল কৰ'ণাকালৰ আগৰ ব্যস্ততা ৷

লগতে পঢ়ক:ক'ভিড নিৰ্দেশনা মানি নচলা যান-বাহনৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ

ABOUT THE AUTHOR

...view details