গুৱাহাটী, 19 অক্টোবৰ : লক ডাউন শিথিল হোৱাৰ লগে লগেই অসমলৈ আগমন ঘটিছে একাংশ সন্দেহযুক্ত নাগৰিকৰ ৷ বিশেষকৈ মহানগৰীৰ ভিন্ন প্ৰান্তত দেখা পোৱা গৈছে অবৈধভাৱে আগমন হোৱা সন্দেহযুক্ত নাগৰিকক ৷ মহানগৰীৰ একাংশ পদপথত সম্পূৰ্ণৰূপে নিজৰ বসতিস্থল হিচাপে ব্যৱহাৰ কৰি আহিছে এইসকল লোকে ৷ বিশেষকৈ গুৱাহাটী ৰে'লৱে ষ্টেচনৰ সমীপৰ কটন ছাত্ৰাবাসৰ সন্মুখভাগ, ৰিজাৰ্ভ বেংকৰ সন্মুখ ভাগত তেওঁলোকে বসতি স্থাপন কৰি লোৱা বুলি জানিব পৰা গৈছে ৷
তেওঁলোকৰ ভাষ্যত প্ৰকাশ পোৱা অনুসৰি, তেওঁলোকৰ অধিকাংশ লোকেই পশ্চিমবংগ, আলিপুৰদুৱাৰ আদি অঞ্চলৰ পৰা আহিছে ৷ পেছাত বিভিন্ন সামগ্ৰী বিক্ৰীৰে জীৱিকা চলোৱা এইসকল সন্দেহযুক্ত নাগৰিকে বিভিন্ন সময়ত বিভিন্ন অসামাজিক কামকাজত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে ৷