অসম

assam

ETV Bharat / state

মহানগৰীত মুকলি 300 চিটি বাছ : মানিব লাগিব প্ৰশাসনৰ নীতি-নিৰ্দেশনা - নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ট ৰয়

মংগলবাৰৰ পৰা মহানগৰীত পুনৰ ব্যক্তিগত খণ্ডৰ 200 বাছ চলাচল কৰাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷ অনুমতি প্ৰদান কৰা প্ৰতিখন বাহনে মানি চলিব লাগিব প্ৰশাসনৰ সকলো নীতি-নিৰ্দেশনা ৷

CITY BUS SERVICE REOPEN
মহানগৰীত মুকলি 300 চিটি বাছ

By

Published : May 5, 2020, 3:15 PM IST

গুৱাহাটী, 5 মে' : মহানগৰীত পুনৰ মুকলি কৰি দিয়া হল ব্যক্তিগত খণ্ডৰ 200 খন চিটি বাছ ৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ট ৰয় আৰু বাছ কৰ্তৃপক্ষৰ সিদ্ধান্ত মৰ্মে মহানগৰীত চলাচল কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে এইসমূহ বাছক ৷

সোমবাৰে চলাচল কৰা 100 খন বাছত যাত্ৰীৰ ভিৰৰ বাবে মহানগৰ জিলা প্ৰশাসনৰ এই সিদ্ধান্ত ৷ লগতে চলাচল কৰিব দিয়া বাছ সমূহত নীতি-নিৰ্দেশনা পালন কৰা হৈছে নে নাই সেই সম্পৰ্কে অৱগত হবলৈ মংগলবাৰে মহানগৰীৰ বিভিন্ন স্থানত উপস্থিত হয় কামৰূপ মহানগৰ পৰিবহন বিষয়া বাপন কলিতা আৰু পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ট ৰয়ই ৷

মহানগৰীত মুকলি 300 চিটি বাছ

আনহাতে চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰা প্ৰতিখন বাছক সামাজিক দুৰত্ব বজাই চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ট ৰয়ই ৷

লগতে পঢ়ক : ওদালগুৰিত হাতী মানুহৰ সংঘাতত আহত এজন

ABOUT THE AUTHOR

...view details