গুৱাহাটী,১০ অক্টোবৰ:মহানগৰীত পুনৰ বাঢ়িল চিটিবাছৰ ভাড়া (City bus fares hiked again) । পৰিবহন বিভাগে এক নিৰ্দেশনা যোগে বৃদ্ধি কৰিলে চিটি বাছৰ ভাড়া । জনসাধাৰণক কোনো গমেই নিদিলে পৰিবহন বিভাগে (Transport department hikes city bus fares) । ১৪ ছেপ্তেম্বৰতে নিৰ্দেশনাযোগে বৃদ্ধি কৰিলে চিটিবাছৰ ভাড়া । যাৰ বাবে এতিয়াৰে পৰা চিটিবাছত উঠিলেই দিব লাগিব দহ টকা । এতিয়াৰে পৰা চিটিবাছৰ সৰ্বাধিক ভাড়া ৩০ টকা (Citybus maximum fare is Rs 30) ।
চিটিবাছৰ ভাড়া ০-৫ কিলোমিটাৰ ১০ টকা, ৫-৯ কিলোমিটাৰ ১৫ টকা, ৯-১৩ কিলোমিটাৰ ১৮ টকা, ১৩-১৭ কিলোমিটাৰ ২২ টকা, ১৭-২১ কিলোমিটাৰ ২৬ টকা, ২১-২৫ কিলোমিটাৰ ৩০ টকা পৰ্যন্ত হ'ব । ২০১৮ চনত পৰিবহন বিভাগে চিটি বাছৰ ভাড়া ন্যূনতম ৭ টকা বৃদ্ধি কৰিছিল । তাৰ পাছতো যাত্ৰীৰ পৰা বৰ্দ্ধিত ভাড়া সংগ্ৰহ কৰিছিল বাছসমূহে ।