অসম

assam

ETV Bharat / state

City bus fare price in Guwahati : মহানগৰীত প্ৰশাসনে প্ৰকাশ কৰিলে চিটি বাছৰ ভাড়াৰ তালিকা - কঠোৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন

মহানগৰীৰ চিটিবাছক নাকী লগাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে (Kamrup Metro Dist Admin on bus fare) ৷ কিয়নো শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এখন বিশেষ তালিকা ৷ যি তালিকাত উল্লেখ আছে মহানগৰৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছে যাত্ৰীৰ পৰা কিমান ভাড়া সংগ্ৰহ কৰিব (City bus fare rate published by Kamrup Metro Dist Admin) ৷

City Bus Fair Rate
মহানগৰীত চিটীবাছক নাকী লগাবলৈ প্ৰশাসনৰ ভাড়াৰ তালিকা প্ৰকাশ

By

Published : Dec 10, 2021, 11:54 AM IST

গুৱাহাটী, 10 ডিচেম্বৰ :কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ গুৱাহাটীত যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া আদায় কৰি যাত্ৰীক হাৰাশাস্তি কৰি অহা চিটীবাছক নাকী লগাবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে । কামৰূপ মহানগৰ জিলাৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছৰ ভাড়াৰ তালিকা শেহতীয়াভাৱে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে (City bus fare rate published by Kamrup Metro Dist Admin) ।

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ফেচবুক পেজৰ জৰিয়তে চিটি বাছৰ ভাড়াৰ তালিকা প্ৰকাশ কৰিছে । মহানগৰ জিলা প্ৰশাসনে Assam Govt notification No TMV 195/2010/217 অনুযায়ী মহানগৰ জিলাৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছৰ ভাড়াৰ সৰ্বনিম্ন ভাড়া ৭ টকা নিৰ্ধাৰণ কৰিছে । আনহাতে, সৰ্বোচ্চ ভাড়া নিৰ্ধাৰণ কৰিছে ২১ টকা ৷

বাছ ভাড়াৰ তালিকা প্ৰকাশ

তালিকা অনুযায়ী কাছাৰীৰ পৰা লখৰালৈ ১৩ নং পথত চলা চিটি বাছৰ ক্ষেত্ৰত কাছাৰীৰ পৰা বেতকুছি আৰু লখৰা চাৰিআলিলৈ ১৫ টকা ভাড়া, কাছাৰীৰ পৰা পল্টনবাজাৰ, ৰিহাবাৰী তিনিআলিলৈ ৭ টকা, কাছাৰীৰ পৰা বিৰুবাৰী তিনিআলি, চাইকেল ফেক্টৰীলৈ ৮ টকা, কাছাৰীৰ পৰা ক'লনি বজাৰ, বেটেলিয়ান গেট, জ্যোতিকুছি আৰু লালগণেশলৈ ১২ টকা ভাড়া নিৰ্ধাৰণ কৰিছে । আকৌ, লংকেশ্বৰৰ পৰা ফৰেষ্টগেটলৈ ১৮ নং পথত চলাচল কৰা চিটি বাছৰ ক্ষেত্ৰত লংকেশ্বৰৰ পৰা ভৰলুমুখলৈ ১২ টকা, কাছাৰীলৈ ১৫ টকা , চানমাৰিলৈ ১৮ টকা, ফৰেষ্টগেটলৈ ২১ টকা ভাড়া নিৰ্ধাৰণ কৰিছে । আনহাতে, চাৰ্চফিল্ডৰ পৰা খানাপাৰালৈ ২৩ নং পথত চলাচল কৰা চিটি বাছৰ ক্ষেত্ৰত চাৰ্চফিল্ডৰ পৰা উলুবাৰী ৭ টকা , এ বি চিলৈ ৮ টকা, ডাউনটাউন লৈ ১২ টকা আৰু খানাপাৰলৈ ১৫ টকা ভাড়া নিৰ্ধাৰণ কৰিছে ।

কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন

ইপিনে গড়পাণ্ডুৰ পৰা বশিষ্ঠ চাৰিআলি লৈ ২৩ টকা, ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাঞ্জাবাৰীলৈ ২৩ টকা ভাড়া নিৰ্ধাৰণ কৰিছে । মহানগৰীৰ আন আন পথত চলাচল কৰা চিটীবাছৰ ভাড়াৰ নিৰিখ নিৰ্ধাৰণ কৰিছে । যানবাহন আৰক্ষীৰ ওচৰত যি কোনো অভিযোগ ৬৯০১২-৬৯০০৬ আৰু ৬০২৬১-৭৬৭৫৫ নম্বৰত WhatsApp যোগে প্ৰেৰণ কৰিব পাৰিব । অথবা পৰিবহণ বিভাগ (এনফ’ৰ্চমেন্ট) ক ৯৫৩১১০৭৪৮২ নম্বৰত প্ৰত্যক্ষ যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়ক :অধিক ভাড়া আদায় কৰা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details