অসম

assam

By

Published : Nov 19, 2020, 2:50 PM IST

ETV Bharat / state

পৰাগ ভূঞাক ন্যায় প্ৰদানৰ দাবীত CITU ৰ প্ৰতিবাদ

সাংবাদিক নিৰ্যাতনকাৰীৰ শাস্তিৰ দাবীত আমিনগাঁৱত শ্ৰমিক সংঘ অৰ্থাৎ CITU ৰ প্ৰতিবাদ সাব্যস্ত ।

journalist protest
পৰাগ ভূঞাক ন্যায় প্ৰদাণৰ দাবীত CITU প্ৰতিবাদ

কামৰূপ, 19 নৱেম্বৰ:সাংবাদিক পৰাগ ভূঞাক ন্যায় প্ৰদানৰ লগতে মিলন মহন্তৰ নিৰ্যাতনকাৰীক শাস্তিৰ দাবীত আমিনগাঁৱত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সংঘ তথা চমুকৈ CITU য়ে । প্ৰতিবাদস্থলীত সাংবাদিক মিলন মহন্তক নিৰ্মমভাৱে শাৰীৰিক নিৰ্যাতন চলোৱা দুষ্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰে কামৰূপ জিলাৰ শ্ৰমিক সমন্বয়ৰক্ষী সমিতিয়ে ।

পৰাগ ভূঞাক ন্যায় প্ৰদানৰ দাবীত CITU প্ৰতিবাদ

আনহাতে, সাংবাদিক পৰাগ ভূঞাৰ পৰিকল্পিত হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিসকলক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৰ নেতৃবৰ্গই ৷ সমান্তৰালভাৱে সাংবাদিক নিৰ্যাতনকাৰী হুচিয়াৰ, সাংবাদিক পৰাগ ভূঞা হত্যাকাণ্ডৰ ন্যায় লাগে, সাংবাদিক নিৰ্যাতন বন্ধ কৰক, সাংবাদিকক সুৰক্ষা প্ৰদান কৰক, সাংবাদিক মিলন মহন্তৰ নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক:চাপৰ চাহ বাগিছাত চাঞ্চল্যকৰ হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details