গুৱাহাটী,1ডিচেম্বৰঃশেহতীয়াকৈ কেন্দ্ৰই প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইনৰ বিৰোধিতা কৰি গুৱাহাটীৰ ৰ’টাৰি ক্লাৱত মঙলবাৰে চি আই টি ইউৰ অসম ৰাজ্যিক সমিতিয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ CITUক সহযোগ কৰিলে ভাৰতৰ ছাত্ৰ ফেডাৰেচন, গণতান্ত্ৰিক যুৱ ফেডাৰেচন, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ অসমে ৷
প্ৰতিবাদকাৰী সকলৰ অভিযোগ এই কৃষি আইনৰ ফলত কৃষিৰ ক’ৰপ’ৰেটকৰণৰ দুৱাৰ উন্মুক্ত হ’ব ৷ ক্ৰীতদাসলৈ পৰিণত হ’ব দেশৰ কৃষকসমাজ ৷ এই কৃষি আইনৰ বিৰোধীতা কৰি দেশৰ ১৫০ ৰো অধিক কৃষক সংগঠনৰ যৌথমঞ্চ সদৌ ভাৰত কৃষক সমন্বয়ৰক্ষী কমিটিৰ আহ্বানত দেশৰ বিভিন্ন প্ৰান্তত দিল্লী চলো অভিযান আৰম্ভ হৈছে ; কিন্তু বিজেপি চৰকাৰে কৃষক ৰাইজৰ এনে ন্যায়সংগত ক্ষোভ আৰু প্ৰশমিত কৰিবলৈ ব্যৱস্থা লোৱাৰ সলনি কৃষকসকলৰ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক প্ৰতিবাদক দমনপীড়নেৰে স্তব্ধ কৰিব বিচাৰিছে ৷