গুৱাহাটী, ২৯ আগষ্ট : চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বঞ্চিত শ্ৰমিকৰ বিক্ষোভ সমাবেশ (Deprived workers protest) । পহিলা ছেপ্টেম্বৰত মহানগৰীৰ গুৱাহাটী ক্লাৱ ৰটাৰীৰ লগতে জিলাৰ সদৰসমূহতো এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব (protest against government deprivation) । সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেলযোগে এই কথা সদৰী কৰে চিটুৰ (CITU press conference at Guwahati press club) ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই ।
তেওঁ কয় যে, চিটুৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানমৰ্মে এই বিক্ষোভ কাৰ্যসূচী ১ ছেপ্টেম্বৰত ৰূপায়ণ কৰা হ'ব (CITU Assam state protest) । চিটুৰ অভিযোগ, বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৮৫ লাখ শ্ৰমজীৱী মানুহক বঞ্চিত কৰিছে (BJP govt alleged to deprive workers) । সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিছে শ্ৰমজীৱী লোকসকলক ।
চিটুৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত 1 ছেপ্টেম্বৰত বিক্ষোভ কাৰ্যসূচী লগতে দলটোৱে আইনৰ শাসন প্ৰৱৰ্তন হ'ব লাগে বুলি উল্লেখ কৰে (CITU demanded rule of law) । আনহাতে, অনুদান নহয় জনসাধাৰণক অধিকাৰ দিবলৈও চৰকাৰক আহ্বান জনায় । ইয়াৰ উপৰি সংগঠনটোৰ দাবী, শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলি ২১ হাজাৰ টকা ধাৰ্য কৰা (Minimum wage of labourers), অংগনৱাড়ী কৰ্মী-সহায়িকা, আশাকৰ্মী আৰু ৰন্ধনকৰ্মীক মাননিৰ সলনি মজুৰি প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকা আদায় দিয়া, নিৰ্মাণ আৰু মটৰ শ্ৰমিকসহ সকলো শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ লগতে ঠিকাভিত্তিক শ্ৰমিকক সমান কামৰ সমান মজুৰি প্ৰদান কৰিব লাগে বুলিও দাবী জনায় ।
সংবাদমেলত বামপন্থী সংগঠনটোৱে জনায় যে ১১ লাখ চাহ শ্ৰমিকে আইন মতে পাবলগা মজুৰি পোৱা নাই (tea workers Minimum wage) । আনহাতে, ২০ লাখ ক্ষুদ্ৰ ব্যৱসায়ীৰ নাম পঞ্জীয়ন নোহোৱা আৰু ১০ লাখ মটৰ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ আঁচনি নকৰাৰো অভিযোগ সংগঠনটোৰ । তদুপৰি ৯৮ টা বিভিন্ন উদ্যোগ ক্ষেত্ৰত কাম কৰা ১২ লাখতকৈ অধিক শ্ৰমিক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈছে বুলিও চিটুৰ নেতৃত্বই মন্তব্য কৰে (CITU alleged industrial workers deprived) ।
লগতে পঢ়ক :ভাৰতৰ ৰাজধানী পাঁচটা স্থানত হোৱাটো বিচাৰে হিমন্ত বিশ্ব শৰ্মাই