অসম

assam

ETV Bharat / state

২০১৯ :"কা"ই জোকাৰি গ'ল অসমৰ ৰাজনীতি-সমাজ জীৱন - ঐতিহাসিক অসম আন্দোলন

নাগৰিকত্ব সংশোধনী আইন-2019, যি বছৰটোৰ শেষৰ ভাগলৈ  সমগ্ৰ অসমক এক অগ্নি উপত্যকালৈ পৰিণত কৰিলে। জাতি,মাটি ৰক্ষাৰ নামত ৰাজপথলৈ ওলাই আহিল সমগ্ৰ অসমৰ ৰাইজ ৷ পৰিণত হ'ল ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈ চলা ঐতিহাসিক অসম আন্দোলন সেই ভয়াৱহ পৰিৱেশলৈ ৷ ৰাজপথত দাউ দাউকৈ জ্বলিল যান-বাহন,বিনষ্ট হ'ল বহু ৰাজহুৱা সা সম্পত্তি ৷ কেইদিন মানৰ বাবে সামগ্ৰিকভাৱে বন্ধ হৈ পৰিল চৰকাৰী কাৰ্যালয়,বিদ্যালয়, মহাবিদ্যালয়কে ধৰি অনুষ্ঠান প্ৰতিষ্ঠান৷

২০১৯ :"কা"ই জোকাৰি গ'ল অসমৰ ৰাজনীতি-সমাজ জীৱন
২০১৯ :"কা"ই জোকাৰি গ'ল অসমৰ ৰাজনীতি-সমাজ জীৱন

By

Published : Dec 31, 2019, 8:30 AM IST

চাওতে চাওতে 2019 বৰ্ষই বিদায় ল'লে আমাৰ মাজৰ পৰা ৷ বিগত বছৰটোক বিদায় দি নতুনক আদৰাৰ সমান্তৰালভাৱে বিদায়ী বছৰটোৰ কেইটামান উল্লেখ যোগ্য ঘটনাই চুই গৈছে আপোনাক,মোক,সকলোকে ৷ পুৰণি বছৰটোৰ পোৱা নোপোৱাৰ হিচাপবোৰ যদি কৰা হয় তেনেহ'লে প্ৰতিজন ব্যক্তিৰে মনত সাঁচ বহুৱাই গৈছে নাগৰিকত্ব সংশোধনী আইনে৷ কেৱল অসমেই নহয় সমগ্ৰ দেশতে নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত এক বৃহৎ ধুমুহাই কোবাই গ'ল সেয়া অনস্বীকাৰ্য ৷ এই ধুমুহাই জোকাৰি গ'ল অসমৰ ৰাজনীতি,সমাজ জীৱনকে ধৰি সৰ্বস্তৰৰ লোকক ৷

জাতি,মাটি ৰক্ষাৰ নামত ৰাজপথলৈ ওলাই আহিল সমগ্ৰ অসমৰ ৰাইজ
প্ৰতিজন অসমীয়াই নিজৰ ভাষাটো,জাতিটোৰ নিৰাপত্তা বিচাৰি ওলাই আহিল ৰাজপথলৈ ৷ এক কথাত অসমীয়াৰ ভৱিষ্যতৰ দুঃস্বপ্নৰে ভৰা এটা বছৰ ৷ এটা নাম নাগৰিকত্ব সংশোধনী আইন-2019
পুৰণি বছৰটোৰ পোৱা নোপোৱাৰ হিচাপ

যি বছৰটোৰ শেষৰ ভাগলৈ সমগ্ৰ অসমক এক অগ্নি উপত্যকালৈ পৰিণত কৰিলে। জাতি,মাটি ৰক্ষাৰ নামত ৰাজপথলৈ ওলাই আহিল সমগ্ৰ অসমৰ ৰাইজ ৷ পৰিণত হ'ল ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈ চলা ঐতিহাসিক অসম আন্দোলন সেই ভয়াৱহ পৰিৱেশলৈ ৷ ৰাজপথত দাউ দাউকৈ জ্বলিল যান-বাহন,বিনষ্ট হ'ল বহু ৰাজহুৱা সা সম্পত্তি ৷ কেইদিন মানৰ বাবে সামগ্ৰিকভাৱে বন্ধ হৈ পৰিল চৰকাৰী কাৰ্যালয়,বিদ্যালয়, মহাবিদ্যালয়কে ধৰি অনুষ্ঠান প্ৰতিষ্ঠান৷

২০১৯ : "কা"ই জোকাৰি গ'ল অসমৰ ৰাজনীতি-সমাজ জীৱন
  • 9 ডিচেম্বৰঃ311 টা ধ্বনি ভোটত লোকসভাত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক
  • 11 ডিচেম্বৰঃ125 টা ধ্বনি ভোটত ৰাজ্যসভাত গৃহীত হয় নাগৰিকত্ব সংশোধনী বিধেয়ক

ইয়াৰ পিচতে অসমীয়া জাতি মাৰ বান্ধি ওলাই আহিল এই বিতৰ্কিত আইন খনৰ বিৰুদ্ধে ৷ আন্দোলন,ধৰ্ণা,গণ সত্যাগ্ৰহ সমগ্ৰতে ৷ জাতিটোক বচাবলৈ বুলি ৰাজপথলৈ ওলাই অহা অগণন লোক ঘূণীয়া হ'ল চৰকাৰী বাহিনীৰ আক্ৰমণত । গুৱাহাটী-ডিব্ৰুগড়ত শ্বহীদ হ'ল পাচজনকৈ আন্দোলনকাৰী ৷ অসমৰ ইতিহাসত যেন আকৌ নতুন ৰূপত ৰচনা হ'ল আন এখন চকৰীফেটী বুৰঞ্জী !

'কা'ই বছৰটোৰ শেষৰ ভাগলৈ সমগ্ৰ অসমক এক অগ্নি উপত্যকালৈ পৰিণত কৰিলে
২০১৯ বৰ্ষত অসমত আৰম্ভ হোৱা "কা" বিৰোধী আন্দোলন এই বিদায়ী বছৰটোৰ সবাতোকৈ বৃহৎ তথা ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হয়। অৱশ্যে বছৰটোৱে বিদায় ল'লে যদিও আন্দোলনৰ প্ৰভাৱ,শক্তি,উদ্যম কমা নাই । "কা" বিৰোধী এই আন্দোলনক কেন্দ্ৰ কৰি ২০১৯ বৰ্ষটোত আন বহুবিলাক আনুষংগিক ঘটনাও ঘটে । এসময়ত অসমীয়া মানুহে বুকুৰ তেজ ঢালি জন্ম দিয়া অসম গণ পৰিষদনামৰ দলটোৱে "কা" ক সমৰ্থন কৰি আকৌ এবাৰ অসমবাসীক প্ৰতাৰণা কৰাৰ চাক্ষুস অভিজ্ঞতা পালে নতুন প্ৰজন্মই ৷ সমান্তৰালভাৱে কা বিৰোধী আন্দোলনত ভাগ লৈ কাৰাগাৰলৈ যাবলগীয়া হয় সংগঠনৰ বহু আন্দোলনকাৰী নেতা ৷ অনিশ্চিত ভৱিষ্যত,ৰাজনীতিৰ মেৰপাকত পৰা বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীয়ে এখন ধূসৰিত প্ৰতিচ্ছবিৰে বিদায় দিলে পুৰণি বছৰটোক ৷

লগতে চাওকঃ 2019বৰ্ষত বিশ্বৰ দৰবাৰত অসমীয়া ছবি

ABOUT THE AUTHOR

...view details