গুৱাহাটী, ৩০ নৱেম্বৰ :'কাৰ্বি আংলঙত চলিছে দালালৰাজ'। এই গুৰুতৰ অভিযোগ কাৰ্বি আংলঙৰ নাগৰিক সুৰক্ষা মঞ্চৰ । বুধবাৰে গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰে নাগৰিক সুৰক্ষা মঞ্চই । সংবাদমেলত সুৰক্ষা মঞ্চৰ সভাপতি মহাজন ক্ৰ'ই কয় যে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মাজেৰে যোৱা ডবকাৰ পৰা লাহৰিজানলৈ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি লেনযুক্ত পথ নিৰ্মাণত বিত্তীয় কেলেংকাৰীৰ লগতে বৃহৎ অনিয়ম সংঘটিত হৈছে (Four lane road construction scam in Karbi Anglong)।
ঘাইপথ বহলিকৰণৰ কাম শিলভেটা বনাঞ্চলত বৰ্তমানলৈ আৰম্ভ হোৱা নাই বুলিও অভিযোগ কৰিছে সুৰক্ষা মঞ্চই (Highway widening work slow in Silbheta)। সুৰক্ষা মঞ্চই অভিযোগ কৰা মতে ১৯৭৫ চনত শিলভেটা বনাঞ্চলৰ মাটিত বসবাস কৰা ২১ টা পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক সেই বনাঞ্চলৰ মাটি খালী বুলি প্ৰতিবেদন দাখিল কৰিছিল । আনহাতে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত যিবোৰ মাটি অধিগ্ৰহণ কৰিব সেই মাটিবোৰ একাংশ মণ্ডল আৰু আন বিষয়াসকলে নিজৰ নামত কৰাৰ অভিযোগ কৰিছে সুৰক্ষা মঞ্চই (Scam in highway widening in Karbi Anglong)।