অসম

assam

১৩ নৱেম্বৰলৈ বন্ধ থাকিব অসমৰ ছবিগৃহসমূহ

ছবিগৃহৰ মালিক সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰা আৰু সভাপতি চিন্ময় শৰ্মাই সদৰী কৰা অনুসৰি, অহা ১৩ নৱেম্বৰৰ পাচতহে ছবিগহসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

By

Published : Oct 20, 2020, 7:36 PM IST

Published : Oct 20, 2020, 7:36 PM IST

ছবিগৃহ
ছবিগৃহ

গুৱাহাটী, 20 অক্টোবৰ:কৰ'ণাৰ সংক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে কেতবোৰ নিষেধাজ্ঞা বলৱৎ কৰাৰ বাবে বন্ধ হৈ আছিল ছবিগৃহসমূহ ৷ দীর্ঘদিনৰ অন্তত ১৫ অক্টোবৰৰ পৰা ৫০ শতাংশ দর্শকৰ উপস্থিতিত ছবিগৃহসমূহ খুলিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি দিছিল যদিও, অসমৰ স্বাস্থ্য বিভাগৰ এছ অ' পি লাভ নকৰাত ১৫ অক্টোবৰত অসমৰ ছবিগৃহসমূহ মুকলি কৰা নহ'ল ৷ পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগে এছ অ' পি জাৰি কৰিলে যদিও তিনিচুকীয়াৰ ৰংঘৰ ছবিগৃহৰ বাহিৰে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূর্বাঞ্চলৰ এটাও ছবিগৃহ মুকলি কৰা নহ'ল ৷ লক ডাউনৰ ফলত ৰাজ্যৰ প্ৰায় ৭৮ টা ছবিগৃহ বন্ধ হৈ পৰিছিল ৷

১৩ নৱেম্বৰলৈ বন্ধ থাকিব অসমৰ ছবিগৃহসমূহ

লক ডাউনৰ বাবে অতিকৈ ক্ষতিগ্ৰস্তৰ তালিকাৰ শীৰ্ষস্থানত চিনেমাৰ জগতখন থকাৰ দৰে জটিল সন্ধিক্ষণত ভূতৰ ওপৰত দানৱ পৰাদি পৰিছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ চমুকৈ “এপিডিচিএল ৷” প্ৰতিটো ছবিগৃহ কৰ্তৃপক্ষই বিদ্যুৎ সংযোগৰ বাবে এপিডিচিএলক প্ৰতিমাহে এটা ফিক্সড চার্জ প্ৰদান কৰিব লাগে ৷ লক ডাউনৰ সময়ত ছবিগৃহসমূহ বন্ধ হৈ থকা সত্ত্বেও এপিডিচিএলে ফিক্সড চার্জৰ পৰা ৰেহাই দিয়া নাছিল ছবিগৃহ সমূহক ৷ ইয়াৰ বিপৰীতে কেইবাটাও ছবিগৃহক পেনাল্টী চার্জ পৰিশোধ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷

কৰ'ণাই ক্ষতিগ্ৰস্ত কৰা ছবিগৃহৰ মালিকসকলে এপিডিচিএলৰ মূৰব্বীসকলক কাকুতি-মিনতি কৰাৰ পাচতো তেওঁলোকে কোনো সহানুভুতি নেদেখুৱালে বুলি অভিযোগ উত্থাপন হৈছে ৷ ক্ৰমান্বয়ে ফিক্সড চার্জ আৰু পেনাল্টী চার্জৰ পৰিমাণ বাঢ়ি অহাত বিল পৰিশোধ নকৰাৰ বাবে বহু ছবিগৃহৰ বিদ্যুৎ সংযোগো কৰ্তন কৰি দিয়া হৈছে ৷ এই সন্দৰ্ভত ছবিগৃহৰ মালিক সন্থাই ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী নৱ কুমাৰ দলেক সাক্ষাৎ কৰাত মন্ত্রীগৰাকীয়ে সমস্যাসমূহ সহৃদয়তাৰে উপলব্ধি কৰি, বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়াৰ লগতে এই বিষয়ে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ উল্লেখ্য যে, ছবিগৃহৰ মালিক সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰা আৰু সভাপতি চিন্ময় শৰ্মাই সদৰী কৰা অনুসৰি, অহা ১৩ নৱেম্বৰৰ পাচতহে ছবিগহসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক:কৰ'ণাৰ প্ৰাদুৰ্ভাৱ: ক্ষতিগ্ৰস্ত বস্ত্ৰ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details