অসম

assam

ETV Bharat / state

Junmoni Rabha: ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু; হত্যা, আত্মহত্যা নে দুৰ্ঘটনা ? - তদন্তৰ ভাৰ চি আই ডিক অৰ্পণ আৰক্ষী সঞ্চালক প্ৰধানৰ

মঙলবাৰে ৰহস্যজনকভাৱে মৃত্যক সাৱটি লোৱা মৰিকলং আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্তৰ ভাৰ চি আই ডিক অৰ্পণ ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে জনায় এই কথা (Junmoni Rabhas Death Case) ।

Junmoni Rabha
Junmoni Rabha

By

Published : May 17, 2023, 8:11 AM IST

Updated : May 17, 2023, 10:31 AM IST

নিউজ ডেস্ক, 17 মে’ : মঙলবাৰে মৰিকলং আৰক্ষী থানাৰ আৰক্ষী উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰে ৰাজ্যজুৰি লাভ কৰিছিল বিশেষ চৰ্চা ৷ সমান্তৰালভাৱে এই মৃত্যুক লৈ ভিন্ন প্ৰশ্নৰ উদয় হোৱাও পৰিলক্ষিত হৈছিল ৷ আনকি আত্মহনন নে পৰিকল্পিত হত্যাকাণ্ড সেই সন্দৰ্ভত বৰ্তমানেও উত্থাপন হৈছে প্ৰশ্নৰ (SI Junmoni Rabha death)।

ইয়াৰ পিচতেই মংগলবাৰৰ সন্ধিয়া আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ বিষয়টো তদন্তৰ বাবে চি আই ডিক দায়িত্ব অৰ্পণ কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে এই বিষয়ে জানিবলৈ দিয়ে । জি পি সিঙে টুইটটোত উল্লেখ কৰে, ‘‘15 মে'ত উত্তৰ লখিমপুৰ আৰক্ষী থানাত এখন এজাহাৰ (FIR Nu 0183/2023) মৰ্মে ভাৰতীয় দণ্ডবিধিৰ u/s 120-B, 395,397,342,387 ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছিল, য'ত অভিযুক্তৰূপে জোনমণি ৰাভাৰ নাম উল্লেখ আছিল । ইয়াৰ অধীনত লখিমপুৰ আৰু নগাঁও আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰে । কিন্তু ইয়াৰ মাজতে 16 মে’ৰ পুৱাৰ ভাগত এছ আই জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ তথ্য লাভ কৰা হয় । সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা উচিত তদন্তৰ দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত FIR Nu 0183/2023 আৰু উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি আই ডি অসমলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে (GP Singh tweet on SI Junmoni Rabha ) ।’’

উল্লেখ্য যে, পথ দুৰ্ঘটনাত নিহত হোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছিল ৰাভাৰ মাতৃৰ ভাষ্যই । জোনমণি ৰাভাৰ নশ্বৰদেহ নগাঁও আৰক্ষী ছাউনিলৈ অনাৰ পিচত জীয়ৰীৰ নশ্বৰ দেহৰ কাষত ৰাউচি জুৰি কান্দি জোনমণি ৰাভাৰ মাতৃৰ লগতে পৰিয়ালৰ লোকে আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তোলে । আনকি কান্দোনত ভাগি পৰা মাতৃগৰাকীয়ে নিশাৰ ভাগত জোনমণি ৰাভাৰ বাসগৃহত আৰক্ষী বিষয়াই অভিযান চলাই লক্ষাধিক টকা জব্দ কৰাৰ কথাও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে (SI Junmoni Rabha ) ৷

এই কথাবোৰে অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ ঘটনাটোক ৷ আত্মীয়ৰ কথাটো বাদেই সাধাৰণ ৰাইজেও সমগ্ৰ দুৰ্ঘটনাটোক সহজভাৱে ল'ব পৰা নাই । যাৰ বাবে সকলোৱে ক্ষীপ্ৰ নিকা তদন্তৰ দাবী কৰিছে (SI Junmoni Rabha accident is in mystery) ৷

লগতে পঢ়ক :SI Junmoni Rabha : নিশা কোন আৰক্ষী বিষয়াই জোনমণিৰ ঘৰৰ পৰা জব্দ কৰিছিল এক লাখ টকা? মাতৃৰ ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ

Last Updated : May 17, 2023, 10:31 AM IST

ABOUT THE AUTHOR

...view details