গুৱাহাটী ১৬ মে’:সোমবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু হ’ল সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ (SI Junmoni Rabha accident) । কিন্তু এই মৃত্যুক যে, এতিয়া সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে । সঁচাকৈ এয়া পথ দুৰ্ঘটনা, নে পৰিকল্পিত হত্যাকাণ্ড ! সময় বাগৰাৰ লগে লগে উত্থাপিত বহুবোৰ প্ৰশ্নৰ । পৰিয়ালৰ লোকে এই দুর্ঘটনাৰ এক উচ্চ পৰ্যায়ৰ এক তদন্তৰ দাবী জনাইছে । ইফালে এই সন্দৰ্ভত আৰক্ষী সঞ্চালক জি পি সিঙে টুইট কৰি সমগ্ৰ ঘটনাটো তদন্তৰ আওতাত আনিবলৈ অসম আৰক্ষী আৰু CID ক নিৰ্দেশ প্ৰদান কৰিছে (CID to Probe Junmoni Rabha Death Case)৷
আনহাতে, শোকত ম্ৰিয়মান জোনমণিৰ জ্যেষ্ঠ ভাতৃ কৰুণা ৰাভাই কয় যে, খবৰ অনুসৰি নিশা আভাজ্যোতি ৰাভা নামৰ আন এগৰাকী SI সৈতে ওলাই গৈছিল জোনমনি ৰাভা । কিন্তু তেওঁৰ লগত যোগাযোগ হোৱাত তেওঁ লগত যোৱা নাই বুলি কৈছিল । জোনমণিক SP য়ে মাতিছিল বুলিও খবৰ ওলাইছিল । কিন্তু কিয় ইমান নিশা অকলেই ওলাই গৈছিল জোনমণিয়ে (SI Junmoni Rabha death case)?
ইফালে জোনমণি ৰাভাৰ মাতৃৰ অভিযোগ অনুসৰি জোনমণিক আৰক্ষীয়ে ব্যৱহাৰ কৰিছিল । সোমবাৰে নিশা ১০ বজাৰ পিচত জোনমণি ৰাভাক পোৱা নাছিল ফোনত । নিশা ১২.৩০ বজাত ঘৰত অভিযান চলাইছিল আৰক্ষীয়ে । এই অভিযানত আৰক্ষীয়ে ১ লাখ ৩০ হাজাৰ টকা জোনমণিৰ ঘৰৰ জব্দ কৰিছিল বুলি জানিব পৰা গৈছে ৷