গুৱাহাটী, 14 অক্টোবৰ :ৰাজ্যৰ শীৰ্ষ খবৰৰ তালিকাত আছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰী ৷ ইতিমধ্যে, এই কেলেংকাৰীত নাম সাঙোৰ খাইছে বহুতো বিয়াগোম বিষয়াৰ ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰীক্ষাৰ্থীৰ লগতে কেলেংকাৰীত নাম সাঙোৰ খোৱা বহুতো বিষয়াক ৷
আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ ঘৰত CID ৰ অভিযান - উপ-পৰিদৰ্শক
![আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ ঘৰত CID ৰ অভিযান CID RAID SANJIT KRISHNA RESIDENCE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9174751-thumbnail-3x2-ass.jpg)
আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ ঘৰত CID ৰ অভিযান
18:02 October 14
উপ-পৰিদৰ্শক কেলেংকাৰীৰ বিয়োগোম বিষয়াৰ ঘৰত CID ৰ তালাচী ৷ জব্দ বহুতো নথিপত্ৰ ৷ বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ৷
শেহতীয়াকৈ উপ-পৰিদৰ্শক কেলেংকাৰীত নাম সাঙোৰ খাইছে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ ৷ বুধবাৰে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ বাসভৱনত CID ৰ দলে তালাচী অভিযান চলায় ।
উল্লেখ্য যে, অভিযানত বহু আপত্তিজনক নথি জব্দ কৰে দলটোৱে । ইফালে, আৰক্ষী বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাও আছে CID য়ে ৷
লগতে পঢ়ক :আত্মীয়ৰ জীৱন বচাবলৈ গৈ নিজৰ জীৱনলৈ বিপদ মাতিলে হেমন্তই
Last Updated : Oct 14, 2020, 9:43 PM IST