অসম

assam

ETV Bharat / state

Question paper leak: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত পাঁচগৰাকী লোকক চি আই ডিৰ জেৰা - হাইস্কুল শিক্ষান্ত পৰীক্ষা

চি আই ডিৰ জেৰাৰ সন্মুখীন শিক্ষক আৰু কৰ্মচাৰী ৷ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া মেট্ৰিকৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হৈছিল দেওবাৰে ৷ ৰাজ্যজুৰি এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য আৰু প্ৰবল প্ৰতিবাদৰ সৃষ্টি হয় ৷ তাৰ পাচতেই এই ঘটনাৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰা হয় (CID probe into HSLC question paper leakage) ৷

CID probe into HSLC question paper leakage
Question paper leak

By

Published : Mar 13, 2023, 9:53 PM IST

গুৱাহাটী, 13 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত চি আই ডিয়ে গুৱাহাটীৰ কাৰ্যালয়ত সোমবাৰে সন্ধিয়া পাঁচগৰাকী লোকক জেৰা কৰিছে । বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই । চি আই ডিয়ে জেৰা গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ তিনিগৰাকী শিক্ষক, কৰ্মচাৰী আৰু দুগৰাকী ছেবাৰ বিষয়া (Probe into HSLC question paper leak)।

চি আই ডিয়ে জেৰা চলাই থকা শিক্ষক-কৰ্মচাৰী 3 জন হৈছে ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই, শিক্ষক হেৰম্ব কুমাৰ দাস আৰু কৰ্মচাৰী বিন্দেশ্বৰ তিমুং । মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত আটাইকেইগৰাকীকে জেৰা চি আই ডিৰ ৷ প্ৰশ্নকাকত ফাদিলৰ পাচতে সোমবাৰে অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষা বাতিল কৰি 30 মাৰ্চত পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় (HSLC gen science question paper leak) ৷

লগতে পঢ়ক:Protest against SEBA : প্ৰতিবাদত উত্তাল ছেবাৰ কাৰ্যালয়

উল্লেখ্য যে, পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকতৰ এটা টোপোলা হেৰাইছিল । চি আই ডিয়ে লাভ কৰা তথ্য মতে, কেন্দ্ৰটোত প্ৰশ্ন কাকতৰ 42 টা টোপোলাৰ এটা টোপোলাও পোৱা হোৱা নাই । কেন্দ্ৰটোৰ পৰীক্ষা নিয়ন্ত্ৰণৰ দায়িত্বত আছিল শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই, শিক্ষক হেৰম্ব কুমাৰ দাস । সেই প্ৰশ্ন কাকতৰ টোপোলা ক'ত, কেনেকৈ হেৰাল সেই সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে চি আই ডিয়ে (CID probe into HSLC question paper leakage) ।

মন কৰিবলগীয়া যে, 13 মাৰ্চ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত দেওবাৰেই ফাদিল হোৱাৰ বাবে মাজনিশা ছেবাই বাতিল কৰিছিল বিজ্ঞানৰ পৰীক্ষা । তাৰ পাচতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া আৰু পুৱাৰ পৰা আৰম্ভ হয় ছেবা আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ । এনে প্ৰতিবাদৰ মাজতে প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে অসম আৰক্ষীৰ ওচৰত এক গোচৰ দাখিল কৰিছিল যদিও সেই গোচৰ চি আই ডিলৈ হস্তান্তৰ কৰা হয় (Complaint against HSLC question paper leakage) ।

লগতে পঢ়ক:HSLC question paper leaked: নতুন শিক্ষানীতি অহাৰ পাচত ছেবাৰ প্ৰাসংগিকতা নাথাকিব: শান্তিকাম হাজৰিকা

চি আই ডিত ৰুজু হোৱা গোচৰটোৰ নম্বৰ হৈছে 3/23 । এই গোচৰৰ ভিত্তিতে আৰম্ভ হৈছে তদন্ত । ইতিমধ্যে চি আই ডিয়ে ছেবাৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক জিমলি কাকতি শইকীয়া আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাক তলব কৰিছে । দুয়োজন বিষয়া গৈ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছে । তেওঁলোক দুজনকো চি আই ডিয়ে সোধা পোছা কৰি যাবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details