অসম

assam

ETV Bharat / state

থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক CID ৰ জেৰা ! - প্ৰাক্তন বিধায়ক বৰগোঁহাইলৈ চমন জাৰি

থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক জানিবলৈ দিয়া অনুসৰি লোকসভাৰ নিৰ্বাচনৰ সময়ত ডেৰ মিনিটৰ মোবাইলত বাৰ্তালাপৰ বাবে তেওঁক জেৰা কৰাৰ বাবে মাতি পঠাইছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা টোৱে ।

cid  Interrogated assam congress leader susanta borgohain
চি আ ডিয়ে জেৰা কৰিলে কংগ্ৰেছ নেতা তথা থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক

By

Published : May 20, 2020, 8:18 PM IST

গুৱাহাটী, 20 মে‘ : অসম প্ৰদেশ কংগ্ৰেছৰ যুৱ নেতা তথা থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থা চমুকৈ চি.আই.ডিয়ে বুধবাৰে জেৰা কৰে । গুৱাহাটী চি.আই. ডি কাৰ্যালয়ত প্ৰাক্তন বিধায়ক বৰগোঁহাইক দুঘণ্টা ধৰি চলোৱা হয় জেৰা ৷ জানিব পৰা অনুসৰি ৩০/২০১৯ নম্বৰ গোচৰৰ ভিত্তিত চি.আই.ডিয়ে প্ৰাক্তন বিধায়ক বৰগোঁহাইলৈ চমন জাৰি কৰিছিল । উল্লেখযোগ্য যে কা' আন্দোলনত জড়িত থকা অভিযোগত চমন জাৰি কৰা হৈছিল বিধায়ক গৰাকীৰ বিৰুদ্ধে ।
চি আই ডিৰ দুঘণ্টা ধৰি চলোৱা জেৰাৰ অন্তত থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি সমগ্ৰ বিষয়টো এক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিয়ে । বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ সৈতে থকা এক ফোন ক'লৰ ভিত্তিত চি আই ডিয়ে সুশান্ত বৰগোঁহাইক সোধপোচৰ বাবে 2 ঘণ্টা জোৰা জেৰা অব্যাহত ৰাখে ।

থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি লোকসভাৰ নিৰ্বাচনৰ সময়ত ডেৰ মিনিটৰ মোবাইলত বাৰ্তালাপৰ বাবে তেওঁক জেৰা কৰাৰ বাবে মাতি পঠাইছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা টোৱে ।

চি আ ডিয়ে জেৰা কৰিলে কংগ্ৰেছ নেতা তথা থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক


লগতে কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, " চৰকাৰৰ সমাজ বিৰোধী কাম-কাজত মাত মাতিছো আৰু মাতিম । কিন্তু এইধৰণৰ ষড়যন্ত্ৰই গণতন্ত্ৰৰ ধ্বংস কৰিব ।হিংসা, ধ্বংসৰ জৰিয়তে আমি কোনো দিনে সমাজ সৃষ্টি কৰিব বিচৰা নাই।"

আনহাতে দিহিং পাটকাই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, " চৰকাৰে কয়লা খনন কৰাত কৈ চাহ উদ্যোগত বেছি মন দিব লাগে । কেতিয়াও দিহিং পাটকাই খনন কৰিবলৈ দিয়া নহব ৷ "

লগতে পঢ়ক : কণিষ্ঠ চিকিৎসকৰ ফেচবুক পোষ্টৰ প্ৰতিক্ৰিয়া আয়ুৰ্বেদিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details