গুৱাহাটী, ১৮ জুলাই :ধূলা কাণ্ডৰ অভিযোগনামা দাখিল কৰিলে চি আই ডিয়ে । সেই সময়ৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা, দৰং জিলাৰ আৰক্ষী অধীক্ষ ৰাজমোহন ৰায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষ ৰূপম ফুকন আৰু কৃষ্ণকমল বৰুৱাৰ পত্নী নিজু নাথক অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰে চি আই ডিয়ে । চি আই ডিয়ে ২০/২০২২ নম্বৰত ৰুজু হোৱা গোচৰত অভিযোগ নামা দাখিল কৰে ।
উল্লেখ্য যে বিগত বৰ্ষৰ ১১ জুনত দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ এছ এছ বি জোৱান এজনৰ ঘৰত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল । হুগ্ৰাজুলি প্ৰজা পথাৰ গাঁৱত ১৩ বছৰীয়া এগৰাকী কিশোৰী চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল এই ছোৱালীজনী ।
ঘটনাৰ তদন্তৰ বাবে ধূলা আৰক্ষী থানাত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল যদিও সেই ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল । পৰৱৰ্তী সময়ত ধূলাৰ গোচৰৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্ত ভাল হোৱা নাই বুলি মুখ্যমন্ত্ৰীলৈ হোৱাটচএপ যোগে খবৰ দিছিল এজন সাংবাদিকে । তাৰ পিচতেই তেওঁ আৰক্ষী সঞ্চালক প্ৰধানক লৈ ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰলৈ গৈছিল ।