অসম

assam

ETV Bharat / state

ভুৱা টেট নিযুক্তি : চিআইডিয়ে দাখিল কৰিলে অভিযোগনামা - চিআইডিয়ে দাখিল কৰিলে অভিযোগনামা

বিটিআৰত ভুৱা টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰে শিক্ষক পদত নিযুক্তি লাভ কৰা ৩৩ জন শিক্ষকসহ ৪০ জন ব্যক্তিক অভিযুক্ত হিচাপে চিহ্নিত কৰিছে চি আই ডিয়ে(CID Assam has filed chargesheet against TET scam in BTR) । চি আই ডিয়ে শুকুৰবাৰে নিম্ন আদালতৰ সন্মুখত গোচৰটোৰ প্ৰথম অভিযোগনামা দাখিল কৰে । গোচৰটো পঞ্জীয়ন কৰাৰ তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰা হয় ।

CID Assam has filed chargesheet against TET scam in BTR
ভুৱা টেট নিযুক্তি : চিআইডিয়ে দাখিল কৰিলে অভিযোগনামা

By

Published : Dec 3, 2021, 10:15 PM IST

গুৱাহাটী,৩ ডিচেম্বৰ :অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ৰাজ্যখনৰ বিটিআৰত ভুৱা টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰে শিক্ষক পদত নিযুক্তি লাভ কৰা ৩৩ জন শিক্ষকসহ ৪০ জন ব্যক্তিক অভিযুক্ত হিচাপে অভিযোগনামা দাখিল কৰিছে(CID Assam has filed chargesheet against TET scam in BTR)। বিটিআৰ এলেকাত ভুৱা টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰ ওপৰত ভিত্তি কৰি নিযুক্তি লাভ কৰা ৩৩ গৰাকী শিক্ষক আৰু বাকী সাতজন অভিযুক্তৰ ভিতৰত এজন নগাঁৱৰ এখন চৰকাৰী অনুমোদিত মহাবিদ্যালয়ৰ প্ৰবক্তা, তিনিজন ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু তিনিজন অন্য ব্যক্তি বুলি চি আই ডিয়ে অভিযোগনামাত উল্লেখ কৰে ।

কামৰূপ মহানগৰ জিলাৰ মহামান্য মুখ্য ন্যায়িক বিষয়া(Chief judicial officer Kamrup metro)ৰ ওচৰত 10/2021 U/S 120(B)/420/467/468/471 IPC ৰ অধীনত গোচৰটোৰ অভিযোগনামা দাখিল কৰা হৈছে। চি আই ডিয়ে শুকুৰবাৰে নিম্ন আদালতৰ সন্মুখত গোচৰটোৰ প্ৰথম অভিযোগনামা দাখিল কৰে । গোচৰটো পঞ্জীয়ন কৰাৰ তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত এই অভিযোগনামা দাখিল কৰা হয়। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ৰ নিৰ্দেশনাৰ ভিত্তিত চি আই ডিয়ে ৩৬ জন অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে ৩ অক্টোবৰত টেট শিক্ষকৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছিল ।

চি আই ডিয়ে কামৰূপ (গ্ৰাম্য), চিৰাং, ওদালগুৰি, নগাঁও আৰু হোজাই জিলাত তালাচী চলাই ৩৩ জন শিক্ষক আৰু আন ৭ জনক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান আটাই কেইগৰাকী অভিযুক্ত কাৰাগাৰত বন্দী হৈ আছে ।

লগতে পঢ়ক :APDCLৰ নাম লৈ প্ৰৱঞ্চকে গ্ৰাহকৰ পৰা লুটিছে ধন

ABOUT THE AUTHOR

...view details