গুৱাহাটী,16 ডিচেম্বৰঃ মহানগৰীৰ মেগজিনস্থিত সতী সাধনী ভৱনত অনুষ্ঠিত হয় চুতীয়া ছাত্ৰ সন্থাৰ এখন সংবাদমেল ৷ সতী সাধনিৰ জীৱনী মূলক, চুতীয়া ইতিহাস তুলি ধৰাকৈ " সাধনি" নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে সংবাদমেলত ৷ চলচ্চিত্ৰখন অসমীয়া আৰু হিন্দী দুয়োটা ভাষাতে নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ৷
সতী সাধনিৰ জীৱনীৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিব চুতীয়া ছাত্র সন্থাই
সতী সাধনিৰ জীৱনী মূলক, চুতীয়া ইতিহাস তুলি ধৰাকৈ " সাধনি" নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে সংবাদমেলত ৷ চলচ্চিত্ৰখন অসমীয়া আৰু হিন্দী দুয়োটা ভাষাতে নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ৷
ইপিনে ৮ কোটি টকা ব্যয় সাপেক্ষে অসমৰ প্ৰথম খন 3d পদ্ধতিৰ চিনেমা নিৰ্মাণ হ’ব বুলি সংবাদমেলত অৱগত কৰে চুতীয়া ছাত্ৰ সন্থাই ৷ আগন্তুক ফেব্ৰুৱাৰী ৮ তাৰিখে লতাশিল খেল পথাৰত ছবিখনৰ শুভমহুৰত কৰাৰ লগতে অসম আৰু অসমৰ বাহিৰৰ অভিনেতা অভিনেত্ৰীয়েও অভিনয় কৰিব ছবিখনত ৷
আনহাতে সংবাদমেলত তেওঁলোকে কয় যে, ২০১৭ চনৰ পৰায়েই প্ৰচেষ্টা চলি আছিল ছবিখন প্ৰস্তুত কৰাৰ ৷ মূল সাধনিৰ চৰিত্ৰত অভিনয় কৰিব দক্ষিণ কোৰিয়াৰ এগৰাকী অভিনেত্ৰীয়ে ৷ হলিউডৰ চিত্ৰ লেখকে লিখিব সাধনিৰ কাহিনী ৷ লগত থাকিব 6 জনীয়া এটা দল ৷ ছবিখন 2022 চনত মুকলি কৰা হ’ব বুলি সংবাদমেলতে উল্লেখ কৰে ৷ ইপিনে ছবিখনৰ দৃশ্য গ্ৰহণ মুম্বাই আৰু হায়দৰাবাদৰ ফিল্ম চিটিত হ’ব বুলি চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বই সদৰি কৰে ৷
লগতে পঢ়কঃ আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান লুৰিণজ্যোতি গগৈৰ