অসম

assam

ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰদিনৰ আনন্দ - Christmas celebration at jorhat

আজি বৰদিন ৷ সমগ্ৰ বিশ্বৰ লগতে অসমবাসীয়েও উদযাপন কৰিছে পৱিত্ৰ বৰদিন ৷ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে পৱিত্ৰ বৰদিন ৷ সুন্দৰকৈ সজাই তোলা হৈছে গীৰ্জাঘৰসমূহ ৷

christmas-celebration
বৰদিন

By

Published : Dec 25, 2019, 8:20 PM IST

নিউজ ডেস্ক, 25 ডিচেম্বৰঃৰাজ্যৰ বিভিন্ন গীৰ্জা ঘৰ সমূহত বৰদিন উপলক্ষে দেখিবলৈ পোৱা গৈছে উখল-মাখল পৰিৱেশ । মহানগৰীৰ পানবজাৰস্থিত ড'ন বস্কো গীৰ্জা ঘৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয় । গুৱাহাটী মহানগৰীৰ পাণবজাৰ ড'ন বস্কো গীৰ্জা ঘৰত পুৱাৰে পৰা ভিৰ কৰিছেহি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৷ পুৱাৰ ভাগত লোকসকলে গীৰ্জা ঘৰত উপস্থিত হৈ গীৰ্জা ঘৰৰ বাহিৰত ম'ম জ্বলাই যীশুখ্ৰীষ্টক স্মৰণ কৰি অংশগ্ৰহণ কৰে সমূহীয়া প্ৰাৰ্থনাত ।

বৰদিনৰ আনন্দ

সেইদৰে যোৰহাটতো উলহ-মালহৰে উদযাপন কৰা হৈছে বৰদিন ৷ যোৰহাট ৰজাবাৰীস্থিত ইষ্টান থিয়লজিকেল কলেজৰ লগতে আৰু মিচন হাস্পতালৰ গীৰ্জা ঘৰত পুৱাৰ পৰাই আৰম্ভ হয় বৰদিনৰ উদযাপনৰ কাৰ্যসূচী । কেৰলৰ পৱিত্ৰ ধ্বনিত মুখৰিত হৈ পৰা গীৰ্জাঘৰসমূহ ৷

বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰতো ওখল- মাখল পৰিৱেশৰ মাজত উদযাপন হয় পৱিত্ৰ বৰদিন ৷ কোকৰাঝাৰৰ বিভিন্ন খ্ৰীষ্টান ধৰ্মীয় ঘৰ তথা গীৰ্জা সমূহত হাজাৰ - হাজাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক একগোট হৈ উপাসনা কৰে ভগৱান যীশুৰ ৷ । পৱিত্ৰ বৰদিন উপলক্ষে ভগৱান যীশুৰ আশীৰ্বাদ ল'বলৈ উপস্থিত হয় ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ।

লগতে পঢ়কঃ যীশুখ্ৰীষ্টৰ চিন্তাধাৰাই অনুপ্ৰাণিত কৰে বিশ্বৰ বহু লোকক:নৰেন্দ্ৰ মোডী

ABOUT THE AUTHOR

...view details