অসম

assam

By

Published : Jul 15, 2019, 4:51 AM IST

ETV Bharat / state

মালিগাঁৱত বিশেষ নাট প্ৰদৰ্শন

পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে শিশু সকলে প্ৰদৰ্শন কৰে নাট ৷

মালিগাঁৱত বিশেষ নাট প্ৰদৰ্শন

মালিগাঁৱত বিশেষ নাট প্ৰদৰ্শন

গুৱাহাটী,15 জুলাইঃ দেওবাৰে মহানগৰীৰ মালিগাঁৱত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে প্ৰদৰ্শন কৰা হয় এখন বিশেষ নাট । অঞ্চলটোৰ কেইবাগৰাকীও কণ কণ শিশুৱে প্ৰদৰ্শন কৰে এই বিশেষ নাটখন । কণমানিসকলে প্ৰকৃতিক ধ্বংস নকৰি সেউজীয়া সমাজ গঢ়াৰ এক বিশেষ বাৰ্তা দিয়ে 'সংকল্প' শীৰ্ষক এই সজাগতামূলক নাটখনৰ জৰিয়তে ৷ শিশুসকলৰ এই প্ৰতিভা দেখি আপ্লুত হৈ পৰে উপস্থিত সকলো । উল্লেখযোগ্য যে,3 জুলাইৰ পৰা অসম নাট্য সন্মিলনৰ উদ্যোগত অনুষ্ঠিত নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় কেইবাখনো বিশেষ নাট । এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম নাট্য সন্মিলনৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ দুলাল ৰয় ।

ABOUT THE AUTHOR

...view details