অসম

assam

ETV Bharat / state

ধৰ্মীয় স্থানত শিশুৰ অধিকাৰ খৰ্বঃ কঠোৰ স্থিতি গ্ৰহণ শিশু অধিকাৰ আয়োগৰ

ধৰ্মীয় স্থানত শিশুৰ অধিকাৰ খৰ্ব হৈ থকা ঘটনা ৰোধৰ বাবে কঠোৰ স্থিতি গ্ৰহণ ৰাষ্ট্ৰীয় শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগৰ । দেশৰ মুঠ ৫০টা এনে ধৰ্মীয় স্থান আয়োগে চিনাক্ত কৰিছে । ইয়াৰ ভিতৰত আছে কামাখ্যা দেৱালয়ো ।

ধৰ্মীয় স্থানত শিশুৰ অধিকাৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ শিশু অধিকাৰ আয়োগৰ
ধৰ্মীয় স্থানত শিশুৰ অধিকাৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ শিশু অধিকাৰ আয়োগৰ

By

Published : Feb 4, 2021, 9:18 PM IST

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: দেশৰ বিভিন্ন ধৰ্মীয় স্থানত বিভিন্ন পদ্ধতিৰে শিশুৰ অধিকাৰ খৰ্ব হৈ থকা ঘটনা ৰোধ কৰিবলৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগে । এই ক্ষেত্ৰত সাৰি যোৱা নাই অসমৰ কামাখ্যা দেৱালয়ো । কিছুদিন পূৰ্বে কামাখ্যা দেৱালয়ৰ চৌহদত এচাম কন্যা শিশুৱে কুমাৰী পূজাৰ নামত ভিক্ষা সংগ্ৰহ কৰি থকাৰ অভিযোগ লাভ কৰিছিল ৰাজ্যিক শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগে ।

পৰৱৰ্তী পৰ্যায়ত আয়োগে নিজাকৈ অনুসন্ধান কৰিও এই অভিযোগৰ সত্যতা ধৰা পেলায় । বিষয়টো ৰাজ্যিক আয়োগে ৰাষ্ট্ৰীয় শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগক জনোৱাৰ পিছত ৰাষ্ট্ৰীয় আয়োগেও নিজাকৈ পদক্ষেপ গ্ৰহণ কৰে । উল্লেখ্য যে, দেশৰ মুঠ ৫০টা এনে ধৰ্মীয় স্থান আয়োগে চিনাক্ত কৰিছে, য'ত শিশুৰ অধিকাৰ খৰ্ব কৰি অহা হৈছে ।

ইপিনে, ৰাষ্ট্ৰীয় শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগে এখন ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰি কেতবোৰ ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়াইছে । সেই অনুসৰি, কামাখ্যা আৰক্ষী চকীৰ অধীনত এজন শিশু উন্নয়ন আৰক্ষী বিষয়া নিযুক্তি দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগে ।

লগতে পঢ়ক:কলগাছিয়াত পৰিবহণ বিষয়া আৰু ৰাইজৰ মাজত মতানৈক্য

ABOUT THE AUTHOR

...view details