গুৱাহাটী,10 জুন : ভুলবশতঃ ট্ৰাকত উঠি গুৱাহাটী পালেহি জোনাইৰ এটি শিশু । বিকাশ সূত্ৰধৰ নামৰ শিশুটিয়ে মহানগৰীৰ গণেশগুৰিস্থিত থেংকইউ লজৰ সমীপত ঘূৰি ফূৰা প্ৰত্যক্ষ কৰি এজন লোকে সংবাদ মাধ্যমক খবৰ দিয়ে । সংবাদ মাধ্যমৰ লগতে দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি ক'ভিড টেষ্ট(covid test) তথা স্বাস্থ্য পৰীক্ষা কৰি ছাইল্ড লাইন(childline)ক গতাই দিয়ে ৷
মহানগৰীত উদ্ধাৰ জোনাইৰ ১০ বছৰীয়া শিশু - child recover at guwahati
মহানগৰীৰ গণেশগুৰিস্থিত থেংকইউ লজৰ সমীপত উদ্ধাৰ জোনাইৰ এটি 10 বছৰীয়া শিশু । ঘটনাস্থলীত সংবাদ মাধ্যমৰ লগতে দিছপুৰ আৰক্ষী উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি ক'ভিড টেষ্ট(covid test) তথা স্বাস্থ্য পৰীক্ষা কৰি ছাইল্ড লাইন(childline)ক গতাই দিয়ে ৷

মহানগৰীত উদ্ধাৰ জোনাইৰ ১০ বছৰীয়া শিশু
মহানগৰীত উদ্ধাৰ জোনাইৰ ১০ বছৰীয়া শিশু
শিশুটিৰ ভাষ্য অনুসৰি, ঘৰ জোনাইৰ ৰাংকব তিনিআলীৰ সমীপত ৷ পিতৃ-মাতৃৰ নাম ক্ৰমে বৰ্মন সূত্ৰধৰ আৰু ৰহিলা সূত্ৰধৰ । স্থানীয় শংকৰদেৱ বিদ্যালয়ত পঞ্চম শ্ৰেণীত অধ্যয়নৰত শিশুটিয়ে ক'ভিড পৰিস্থিতিৰ বাবে স্কুললৈ যোৱা নাই বুলিও উল্লেখ কৰে ।