গুৱাহাটী, 18 অক্টোবৰ : শনিবাৰে পাঞ্জাবাৰীৰ এটি শিশুগৃহত আকস্মিকভাৱে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ গৃহটোৰ পৰা নিৰুদ্দেশ হৈছিল চাৰিজনকৈ কিশোৰ ৷ চাৰিওজন কিশোৰে সন্ধিয়া 6 মান বজাত শিশুগৃহটোৰ পৰা ওলাই যায় ৷
ইয়াৰ পিছত তেওঁলোক উভতি নহাত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ অৱশ্যে চাৰিজনৰ দুজন কিশোৰক শনিবাৰে নিশা 8 মান বজাত পাঞ্জাবাৰীতে উদ্ধাৰ কৰা হয় ৷ বাকী দুজনক নিশা চাইল্ড লাইনে উদ্ধাৰ কৰে ৷