অসম

assam

By

Published : Aug 11, 2021, 6:13 PM IST

ETV Bharat / state

দৰাই কইনা নিবলৈ অহাৰ পাছতে লাগিল অথন্তৰ...

বিলাসীপাৰৰ চাপৰত অনুষ্ঠিত হৈ আছে এখন বিশেষ বিয়া ৷ আলহী অতিথি আহিছে গৈছে বিয়ালৈ ৷ সকলোৰে মনত আনন্দ উচাহ ৷ নিশা হ’ল দৰা আহিল কইনা নিবলৈ ৷ দৰাৰ পিছে পিছে আৰক্ষীও আহিল কইনা ঘৰলৈ ৷ কিন্তু তাৰপাছত কি হ’ল ?

দৰাই কইনা নিবলৈ অহাৰ পাছতে লাগিল অথন্তৰ...
দৰাই কইনা নিবলৈ অহাৰ পাছতে লাগিল অথন্তৰ...

পূৱ বিলাসীপাৰা, 11 আগষ্ট : এখন বিশেষ বিয়া ৷ বিয়া খনক লৈ উচাহৰ অন্ত নাই ৷ বিয়াৰ প্ৰস্তুতি চলোৱাত ব্যস্ত দৰাঘৰীয়া আৰু কইনাঘৰীয়া ৷ গাত পাৰ ভঙা আনন্দ-উচাহ ৷ আলহী অতিথিয়ে ৰজনজনাই আছে বিয়াঘৰ ৷ মানুহ আহিছে গৈছে ব্যস্ত সকলো ৷ তেনেতে বিয়াঘৰলৈ হঠাৎ আগমন হ’ল আৰক্ষীৰ ৷ সকলো আচৰিত বিয়াঘৰলৈ আকৌ কিয় আহিবলগীয়া হ’ল আৰক্ষী ৷

বিয়াঘৰত উপস্থিত সকলো ৰাইজৰ মাজত হুৱাদুৱা লাগিল ৷ সকলোৱে জানিবলৈ ইচ্ছুক কিয়নো বিয়া ঘৰলৈ পুলিচ আহিছে ৷ এই বিশেষ বিয়াখন আয়োজন হৈ আছিল ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটিত ৷ বিয়া ঠিক হোৱাৰ দৰে ন-কইনা নিবলৈ আহিছিল সাপটগ্ৰামৰ ছফিকুল আলী ৷ ছফিকুল আলী কইনাৰ ঘৰ উপস্থিত হ’বলৈ হে পালে ৷ কিছু সময়ৰ পাছতে পিছে পিছে আৰক্ষীয়ো আহিল বিয়া খাবলৈ ৷

দৰাই কইনা নিবলৈ অহাৰ পাছতে লাগিল অথন্তৰ...

বিয়াখনৰ কইনা আছিল নাবালিকা ৷ ছফিকুল আলীৰ পৰিয়াল আৰু নাবালিকা গৰাকীৰ পৰিয়ালে গোপনে আয়োজন কৰিছিল এই অবৈধ বিয়াখন ৷

কিন্তু বিশেষ সূত্ৰৰ পমখেদি আৰক্ষীয়ে এই কথা জানিব পাৰি দৰাই কইনা আনিবলৈ যোৱাৰ সময়তে চলালে অভিযান ৷ সেই অনুসৰিয়েই চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত আৰক্ষীৰ এটা দল বিবাহস্থলীত উপস্থিত হয় ৷ আৰক্ষীৰ দলটোৱে নাবালিকাক গৰাকীক উদ্ধাৰ কৰি শিশু সুৰক্ষা সমিতিক গতাই দিয়ে ৷

দৰাই কইনা নিবলৈ অহাৰ পাছতে লাগিল অথন্তৰ...

তাৰ পাছতে দৰা ছফিকুল আলী, ছফিকুলৰ পিতৃ ছাদেৰ আলী, নাবালিকা গৰাকীৰ পিতৃসহ বিয়াখনত আগভাগ লোৱা ঘটক মোহিৰুল হকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে, ৰাজ্যত দিনক দিনে অপৰাধজনীত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ যিমানে সমাজ ব্যৱস্থা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগত আগবাঢ়ি গৈছে ৷ সিমানেই একাংশ লোক এতিয়াও পুৰণি কলীয়া মানসিকতাকে পুহি ৰাখিছে ৷

লগতে পঢ়কঃ কৃষি বিপ্লৱৰ জৰিয়তে প্ৰকৃত অসমীয়াগিৰি...

ABOUT THE AUTHOR

...view details