অসম

assam

ETV Bharat / state

অসমত বিগত দুবছৰত বাল্যবিবাহৰ হাৰ বৃদ্ধি - Child marriage in Assam

অসমৰ বাবে এক উদ্বেগজনক খবৰ । ৰাজ্যত এতিয়াও অব্যাহত আছে বাল্যবিবাহ (Child marriage in Assam)। উত্তৰ-পূৱৰ ভিতৰত অসমত বিগত ২ বছৰত বৃদ্ধি পাইছে বাল্যবিবাহৰ হাৰ । ৰাইজৰ মাজত এতিয়াও সজাগতাৰ অভাৱ ।

Child marriage
অসমত বিগত দুবছৰত বাল্যবিবাহৰ হাৰ বৃদ্ধি

By

Published : Sep 28, 2022, 9:59 AM IST

গুৱাহাটী,২৮ ছেপ্টেম্বৰ :উত্তৰ-পূর্বাঞ্চলৰ ভিতৰতে অসমত বিগত দুবছৰত বাল্যবিবাহৰ হাৰ বৃদ্ধি পাইছে (Child marriage rate increase in Assam) ৷ ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত এই প্ৰথা প্ৰচলিত হৈয়ে আছে । ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত ১৮ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে ২.৬ লাখ কিশোৰ-কিশোৰী বিবাহপাশত আৱদ্ধ হৈছে ৷ যাৰ বাবে বাল্যবিবাহৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ১৫ খন ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰে (State wise Child marriage in India)।

এই সন্দৰ্ভত শান্তিৰ নোবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীৰ শিশু ফাউণ্ডেশ্যনে মঙলবাৰে গুৱাহাটীত তেওঁলোকৰ আগন্তুক “শিশু বিবাহ মুক্ত ভাৰত” অভিযানৰ কথা সংবাদমেলত ঘোষণা কৰে । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ (NFHS 2019-21)ৰ ৰিপ'ৰ্ট অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ২০-২৪ বছৰ বয়সৰ ভিতৰৰ ২৩.৩ শতাংশ মহিলাই ১৮ বছৰ বয়সৰ পূর্বে বিবাহপাশত আৱদ্ধ হৈছিল (NFHS report on Child Marriage) ৷

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ (NCRB) ২০২১ৰ প্ৰতিবেদন অনুসৰি যোৱা ৩ বছৰৰ ভিতৰত ৰাজ্যত বাল্যবিবাহৰ বলি হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে (Victims of Child marriage in India)। আনহাতে, ২০১৫-১৬ চনত ২৬.৮ শতাংশৰ পৰা NFHSৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বাল্যবিবাহৰ বলি হোৱা লোকৰ শতকৰা হাৰ ২৩.৩ শতাংশলৈ হ্ৰাস পাইছে । NFHSৰ তথ্য অনুসৰি ২০১৯-২১ বৰ্ষত অসমত বাল্যবিবাহৰ হাৰ ৩০.৮ শতাংশৰ পৰা ৩১.৮ শতাংশলৈ বৃদ্ধি পাইছে ।

ৰাজ্যত বাল্য বিবাহৰ ঘটনা বৃদ্ধি পোৱাৰ পটভূমিত এই প্ৰথা বন্ধ কৰাৰ বাবে কঠোৰ সতৰ্কতা আৰু ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় বুলি সংবাদ মাধ্যমক সদৰি কৰে কৈলাশ সত্যাৰ্থীৰ শিশু ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক কে চি জৰ্জে ।

সংবাদমেলত গ'ল্ড গ্ল’বেল অৰ্গেনাইজেচন ফৰ লাইফ ডেভেলপমেণ্টৰ সাধাৰণ সম্পাদক ৰাজীব শৰ্মাই কয়, ‘বাল্যবিবাহৰ সন্দৰ্ভত আমি আজি অসমত যি দেখিবলৈ পাইছো সেয়া কেৱল বহু ঘটনাৰ নগণ্য সংখ্যকহে ৷ আমাৰ ৰাজ্যৰ জনজাতীয় সম্প্ৰদায়সমূহত বাল্য বিবাহৰ প্ৰচলন আছে আৰু পৰিস্থিতি অতি ভয়াৱহ ৷ মাতৃৰ মৃত্যুৰ হাৰ (MMR)ও অতি উচ্চ । এই পৰিস্থিতি অতি সোনকালে সকলো সংশ্লিষ্ট অংশীদাৰে সামূহিকভাৱে মোকাবিলা কৰাটো প্ৰয়োজন ৷”

লগতে পঢ়ক :শিৱসাগৰত আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু

ABOUT THE AUTHOR

...view details