গুৱাহাটী, 24 ছেপ্টেম্বৰ: প্ৰকৃততে সমাজত কিমান প্ৰযোজ্য হৈছে শিশু শ্ৰমিক আইন ? সফল ৰূপায়ণ হৈছেনে চৰকাৰে প্ৰৱৰ্তন কৰা শিশু শ্ৰমিক ৰোধ আইনৰ ? শিশু শ্ৰমিকৰ ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে আইন প্ৰণয়ন কৰাৰ পাছতো কিন্তু বৰ্তমানেও বহু সময়ত উদ্ধাৰ হৈ আহিছে শিশু শ্ৰমিক ৷ সোমবাৰে মহানগৰী গুৱাহাটীৰ মাজমজিয়াৰ ৰিহাবাৰী অঞ্চলৰ উদ্ধাৰৰ হয় তিনিটা শিশু শ্ৰমিক ৷ ব্যস্ত ৰাজপথত যানবাহনৰ মাজত তিনিজনকৈ শিশু শ্ৰমিকক ৰাষ্টাত ৰং দিয়া কামত ব্যৱহাৰ কৰিছিল ঠিকাদাৰ জাভেদ আলীয়ে ৷ শিশু শ্ৰমিক কেইটাক কৰ্মত নিয়োজিত কৰা দেখি স্থানীয় ৰাইজে চাইল্ড লাইনক খবৰ দিয়ে। পিছত চাইল্ড লাইনে পল্টন বজাৰ আৰক্ষীৰ সহযোগত শিশু তিনিটিক উদ্ধাৰ কৰে ৷
মহানগৰীত উদ্ধাৰ তিনিটাকৈ শিশু শ্ৰমিক - at Guwahati
ৰাজ্যত কিমানদূৰ প্ৰযোজ্য হৈছে শিশু শ্ৰমিক ৰোধ আইন ? মহানগৰী গুৱাহাটীত তিনিটাকৈ শিশু শ্ৰমিক উদ্ধাৰ হোৱা ঘটনাই যেন পুনৰ বাৰ প্ৰতিফলিত কৰিলে ৰাজ্যত অব্যাহত থকা শিশু শ্ৰমিকৰ কথা ৷
![মহানগৰীত উদ্ধাৰ তিনিটাকৈ শিশু শ্ৰমিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4533762-thumbnail-3x2-ghy-p1.jpg)
মহানগৰীত উদ্ধাৰ তিনিটাকৈ শিশু শ্ৰমিক
মহানগৰীত উদ্ধাৰ তিনিটাকৈ শিশু শ্ৰমিক
উল্লেখ্য যে মহানগৰী গুৱাহাটীত তিনিটাকৈ শিশু শ্ৰমিক উদ্ধাৰ হোৱা ঘটনাই যেন পুনৰ বাৰ প্ৰতিফলিত কৰিলে ৰাজ্যত অব্যাহত থকা শিশু শ্ৰমিকৰ কথা ৷ মাত্ৰ কেইটামান টকাৰ লালসা দেখুৱাই সমাজৰ কিছু স্বাৰ্থপৰ ব্যক্তিয়ে বহু দৰিদ্ৰ পৰিয়ালৰ শিশুক শিক্ষাৰ দিশৰ পৰা আতৰাই নিজ স্বাৰ্থ আদায় কৰিয়েই আছে ৷ শিশু তিনিটিক শিক্ষাৰ পৰা আতৰাই এনে কাৰ্যত নিয়োজিত কৰা ঠিকাদাৰৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব ৷
Last Updated : Sep 24, 2019, 9:11 AM IST