অসম

assam

ETV Bharat / state

বামুনিমৈদামত পিতৃৰ কাষৰ পৰাই অপহৰণকাৰীয়ে লৈ গ’ল সন্তানক - বামুনীমৈদাম অঞ্চলত সংঘটিত হোৱা শিশু অপহৰণ

মহানগৰীত পিটপিতাই ফুৰিছে শিশু অপহৰণকাৰী । মহানগৰীৰ বামুনীমৈদাম অঞ্চলত সংঘটিত হোৱা শিশু অপহৰণৰ এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । পিতৃৰ সন্মুখৰ পৰা অপহৰণকাৰীয়ে লৈ গ’ল সন্তানক (Child kidnapped in Guwahati)৷

Child kidnapped in Guwahati
বামুনিমৈদামত পিতৃৰ কাষৰ পৰাই অপহৰণকাৰীয়ে লৈ গ’ল সন্তানক

By

Published : May 24, 2022, 9:07 PM IST

গুৱাহাটী, ২৪ মে’: সাৱধান! মহানগৰীত পিটপিতাই ফুৰিছে শিশু অপহৰণকাৰী । চকলেট দিয়াৰ চলেৰে ফুচুলাই পলকতে লৈ যাব পাৰে আপোনাৰ সন্তানক । মঙলবাৰে দিনৰ ভাগত মহানগৰীৰ বামুনীমৈদাম অঞ্চলত সংঘটিত হোৱা শিশু অপহৰণৰ এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ (Child kidnapped in Guwahati)। অৱশ্যে অপহৰণকাৰীৰ কৱলৰ পৰা কথমপি ৰক্ষা পৰে শিশুটি ।

মঙলবাৰে দিনৰ প্ৰায় তিনিমান বজাত বামুনীমৈদামৰ ৰেলৱে’ কলনী বজাৰত তিনিবছৰীয়া পুত্ৰক লৈ পিতৃয়ে বজাৰ কৰিবলৈ আহিছিল (Bamunimaidan child kidnap case)। পিতৃয়ে এখন দোকানৰ সন্মুখত শিশুটিক কিছু সময়ৰ বাবে থৈ কাষৰ দোকানত সামগ্ৰী ক্ৰয় কৰিবলৈ যায় । কিন্তু পিছ মুহূৰ্তত পিতৃয়ে শিশুটিক দোকানৰ সন্মুখত দেখা নাপাই হতভম্ব হৈ পৰে । লগেলগে পিতৃয়ে পুত্ৰক বিচাৰ খোচাৰ আৰম্ভ কৰে । কিছু সময় পাছত পথৰ দাঁতিত এগৰাকী মহিলা আৰু যুৱকৰ হাতত পুত্ৰক দেখা পাই দৌৰি আহে আৰু চিঞৰ বাখৰ আৰম্ভ কৰে ।

লোকজনৰ চিঞৰ শুনি ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় লোকে উত্তম মাধ্যম সোধাই লোক দুজনৰ কৱলৰ পৰা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অৱশ্যে স্থানীয় লোকৰ হুলস্থূলৰ মাজতে অতি কৌশলেৰে পলায়ন কৰে অপহৰণকাৰী । জানিব পৰা মতে মহানগৰীৰ জ্যোতিনগৰ অঞ্চলৰ লোকজনে কণমানি পুত্ৰ সন্তানক লৈ বিদ্যালয় চুটিৰ পাছত বামুনিমৈদাম বজাৰত বজাৰ কৰিবলৈ আহিছিল । তেনে সময়তে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ।

লগতে পঢ়ক:George Bordoloi Suicide Case: ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ফাডাৰ ষ্টীফেন মেভলিক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details