অসম

assam

ETV Bharat / state

Assam Assembly Winter Session: শিশু অথবা নাৰীজনিত অপৰাধৰ বাবে ১৮ খন ফাষ্ট ট্ৰেক আদালত গঠন - Tata Institute of Social Science

দেৱব্ৰত শইকীয়াই মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ পৰা জানিব বিচাৰে যে নাৰীৰ ওপৰত হোৱা হিংসা আৰু নিৰ্যাতন ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ? উক্ত প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে জনায় যে মহিলা আৰু কন্যা শিশুৰ ওপৰত হোৱা নিৰ্যাতন ৰোধ কৰিবলৈ অসম চৰকাৰে এখন SOP (Standard Operating Procedure) যুগুত কৰিছে ।

Assembly
Assembly

By

Published : Dec 20, 2022, 3:14 PM IST

Updated : Dec 20, 2022, 5:17 PM IST

অসম বিধানসভাৰ শীতকালীন অধিবেশন ২০২২

গুৱাহাটী, ২০ ডিচেম্বৰ : মঙলবাৰৰ পৰা আৰম্ভ হৈছে পঞ্চদশ অসম বিধানসভাৰ (15th Assam Assembly) ২০২২ বৰ্ষৰ শীতকালীন অধিবেশন । পাঁচদিনীয়া কাৰ্যসূৰ্যচীৰে আৰম্ভ হৈছে (Assam assembly winter session) এই শীতকালীন অধিবেশন । প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হৈছে বিধানসভাৰ শীতকালীন অধিবেশন (Assam assembly winter session 2022) ।

বিধানসভা সচিবালয়ে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি মঙলবাৰে চৰকাৰী কাৰ্যসূচীত আছে মৃত্যু প্রসংগৰ প্রশ্নসমূহ ৷ আজি শীতকালীন অধিবেশনৰ প্ৰথম দিনৰ প্ৰশ্নোত্তৰ শিতানত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ পৰা বিভাগটো সন্দৰ্ভত বহুকেইটা প্ৰশ্নৰ উত্তৰ জানিব বিচাৰে । বিৰোধী বিধায়িনী দলৰ দলপতিৰ লিখিত প্ৰশ্নৰ উত্তৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত লিখিতভাৱে প্ৰদান কৰে ।

দেৱব্ৰত শইকীয়াই মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ পৰা জানিব বিচাৰে যে নাৰীৰ ওপৰত হোৱা হিংসা আৰু নিৰ্যাতন ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ? উক্ত প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে জনায় যে মহিলা আৰু কন্যা শিশুৰ ওপৰত হোৱা নিৰ্যাতন ৰোধ কৰিবলৈ অসম চৰকাৰে এখন SOP (Standard Operating Procedure) যুগুত কৰিছে ।

হিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ উত্তৰ

এই SOP অসম চৰকাৰৰ গৃহ আৰু স্বাস্থ্য বিভাগ তথা অসম চৰকাৰৰ আইন সেৱা প্ৰাধিকৰণৰ সন্মতি সাপেক্ষে প্ৰস্তুত কৰা হৈছে । আহাতে, ২৫ নৱেম্বৰ, ২০২২-ৰ পৰা ১০ ডিচেম্বৰ, ২০২২-লৈকে ১৬ দিনীয়া এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । এই কাৰ্যসূচী ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) আৰু অসম গ্ৰামীণ জীৱিকা অভিযানৰ (ASRLM) যৌথ সহযোগত সম্পন্ন হয় ।

উক্ত কাৰ্যসূচীৰ অধীনত জিলা পৰ্যায়ত মহিলা আৰু শিশু বিকাশ বিভাগ, গৃহ বিভাগ, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, অনা চৰকাৰী সংস্থা (NGO) আৰু নাগৰিক সমাজৰ সংগঠনৰ লগত নাৰীৰ ওপৰত হোৱা হিংসা আৰু নিৰ্যাতনৰ অৱসানৰ বাবে আলোচনা-চক্ৰৰ অনুষ্ঠিত কৰা হয় । লগতে ৰাজ্যৰ ১১ খন জিলাৰ সদৰ থানাত ১১ খন বিশেষ মহিলা কোষ (special women cell) গঠন কৰা হৈছে আৰু বৰ্তমান কাৰ্যক্ষম হৈ আছে ।

হিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ উত্তৰ

এই উদ্দেশ্যে মহিলা আৰু শিশু বিকাশ বিভাগ, গৃহ বিভাগ আৰু Tata Institute of Social Science-ৰ মাজত এক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হৈছে । আনহাতে, Domestic Violence Act 2005-ৰ অধীনত সকলো জিলা সমাজ কল্যাণ বিষয়াৰ লগতে শিশু বিকাশ প্ৰকল্প বিষয়াক protection officer হিচাপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে ।

দেৱব্ৰত শইকীয়াৰ দ্বিতীয়টো প্ৰশ্ন আছিল, স্কুল আৰু কলেজীয়া ছাত্ৰীসকলৰ আত্মৰক্ষাৰ বাবে অসমৰ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত স্থানীয় সমৰ কলা প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব নেকি ?

হিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ উত্তৰ

উত্তৰত বিভাগীয় মন্ত্ৰী অজন্তা নেওগে লিখিতভাৱে জনায়, বেটী বচাও, বেটী পঢ়াও (BBBP) আঁচনিৰ অধীনত কামৰূপ আৰু ধেমাজি জিলাত বিদ্যালয়-মহাবিদ্যালয়ত সমৰ কলাৰ প্ৰশিক্ষণ দিয়া হৈছে । এই আঁচনিৰ অধীনত জিলা পৰ্যায়ত ক্ৰমান্বয়ে এই প্ৰশিক্ষণৰ ব্যৱস্থা লোৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাই থকা বুলিও জনায় ।

দেৱব্ৰত শইকীয়াৰ তৃতীয়টো প্ৰশ্ন আছিল, অসমৰ কোনবোৰ জিলাত শিশু অথবা নাৰীজনিত অপৰাধৰ বাবে ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা কৰা হৈছে ? উক্ত কোৰ্টলৈ কিমানটা গোচৰ স্থানান্তৰ কৰা হৈছে ?

ইয়াৰ লিখিত উত্তৰত মন্ত্ৰী অজন্তা নেওগে জনায় যে মুঠ ১৩ খন জিলাত শিশু অথবা নাৰীজনিত অপৰাধৰ বাবে ১৮ খন ফাষ্ট ট্ৰেক আদালত চৰকাৰে গঠন কৰিছে । উক্ত কোৰ্টসমূহলৈ ২৬৬৫ টা গোচৰ স্থানান্তৰ কৰা হৈছে বুলিও তেওঁ জনায় ।

আনহাতে, ৰহাৰ বনকৰা এগৰাকী কাৰ্বি কিশোৰীক গৃহস্থই হত্যা কৰা গোচৰটো কোনখন ফাষ্ট ট্ৰেক কোৰ্টলৈ স্থনান্তৰ কৰা হৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীগৰাকীৰ উত্তৰ, ৰহাৰ কাৰ্বি কিশোৰীক গৃহস্থই হত্যা কৰা গোচৰটো ফাষ্ট ট্ৰেক আদালতলৈ স্থানান্তৰ কৰা হোৱা নাই । উক্ত গোটৰটো নগাঁও জিলা সত্ৰ ন্যাধীশ আদালতত গোচৰাধীন হৈ আছে । উক্ত গোচৰটোৰ বৰ্তমান সাক্ষ্যদান চলি থকা বুলিও মন্ত্ৰী অজন্তা নেওগে জনাইছে ।

লগতে পঢ়ক :Assam assembly winter session: পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

Last Updated : Dec 20, 2022, 5:17 PM IST

ABOUT THE AUTHOR

...view details