গুৱাহাটী, 25 মাৰ্চঃবুধবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এখন যুটীয়া সংবাদমেল সম্বোধন কৰে ৷ অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ এই সংবাদমেল সন্মোধন কৰা হয় ৷ সংবাদমেলযোগে লক ডাউনৰ সময়ত সকলোকে নিয়ম মানি চলিবলৈ আহ্বান জনাই মুখ্য সচিব গৰাকীয়ে ৷ নিয়ম মানি নচলা সকলৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব বুলিও জনায় সচিব গৰাকীয়ে ৷
বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে 14 দিনৰ ক্যুৱাৰাইন্টাইন আৰু খোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ তাৰ বাবে যিমান খৰচ হয় সেইসমূহ অসম চৰকাৰৰ তৰফৰ পৰা কৰা হ'ব বুলি জনায় ৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এই সমবাদমেলযোগে জনায় যে, লক ডাউনৰ সময়ত এই নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে আৰক্ষী বহু সময়ত কঠোৰ হ'বলগীয়া হৈছে ৷ এই ক্ষেত্ৰত যাতে অসমৰ ৰাইজে তেওঁলোকক সহযোগিতা কৰে তাৰ বাবেও আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷ কাৰণ যিখন আইনৰ অধীনত এই লক ডাউন জাৰি কৰা হৈছে সেই আইন প্ৰথমবাৰৰ বাবে প্ৰণয়ন কৰা হৈছে ৷