অসম

assam

ETV Bharat / state

ৰাজ্যৰ সকলো বজাৰ বন্ধৰ নিৰ্দেশঃসংবাদমেল পাতি ঘোষণা মুখ্য সচিবৰ - ৰাজ্যৰ মুখ্য সচিব

লক ডাউনৰ তৃতীয় দিনত ৰাইজৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে ৰাজ্যৰ প্ৰশাসন ৷ বিষয় সন্দৰ্ভত শুকুৰবাৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয়‌ কৃষ্ণয়ে এক সংবাদমেল সম্বোধন কৰে ৷ লক ডাউন ভংগ কৰা লোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা হাতত ল’ব বুলি মুখ্য সচিব গৰাকীয়ে সংবাদমেলখনত স্পষ্ট কৰি দিয়ে ।

chief secretary pressmeet guwahati kamrup metro assam etv bharat news
সংবাদমেল সম্বোধন

By

Published : Mar 27, 2020, 5:58 PM IST

গুৱাহাটী,২৭ মাৰ্চঃ ল'ক ডাউন চলি থকাৰ মাজতে আজি গুৱাহাটীকে ধৰি একাংশ ঠাইত জাকে জাকে মানুহ বজাৰ কৰিবলৈ ওলাই অহাৰ পিছত অধিক কঠোৰ হ’বলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰ । ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয়‌ কৃষ্ণই শুকুৰবাৰে এখন‌ সংবাদমেলত ভাগ লৈ কয় যে,তাৎক্ষণিকভাৱে ৰাজ্যৰ সকলো বজাৰ বন্ধৰ নিৰ্দেশ দিয়া হৈছে । কেৱল ফাৰ্মাচী, গেলামালৰ দোকান আৰু পেট্ৰ’ল ডিপোহে খোলা ৰাখিব পাৰিব ৷ গেলামালৰ দোকানসমূহে শাক-পাচলি,কণী আৰু পানী বিক্ৰী কৰিব পাৰিব । লগতে সকলো জিলাৰ উপায়ুক্তলৈ ইতিমধ্যে নিৰ্দেশ প্ৰেৰণ কৰা হৈছে যাতে প্ৰতি‌ এদিনৰ মুৰে মুৰে নিজা অঞ্চলত ভান যোগে শাক-পাচলি যোগান ধৰাৰ ব্যৱস্থা কৰে । আনহাতে,মাছ-মাংসৰ দোকান ৩১মাৰ্চলৈ সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ লক ডাউন ভংগ কৰা লোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা হাতত ল’ব বুলি মুখ্য সচিব গৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

সংবাদমেল সম্বোধন ৰাজ্যৰ মুখ্য সচিবৰ

ABOUT THE AUTHOR

...view details