নিউজ ডেস্ক, 14 আগষ্ট :75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মিজো আৰক্ষীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ 6 গৰাকী বীৰ জোৱানক মৰণোত্তৰভাৱে আগবঢ়োৱা হ'ব মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক ৷ ইয়াৰ লগতে 5 গৰাকী আৰক্ষী বিষয়া-কৰ্মীলৈ আগবঢ়োৱা হ'ব মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱা পদক ৷ ইতিমধ্যে অসম চৰকাৰৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰা হৈছে ৷
বিবৃতিটোত উল্লেখ কৰা মতে, অসম-মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত দুভাগ্যজনকভাৱে প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ 6 গৰাকী বীৰ শ্বহীদক মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী বিশেষ সেৱা পদক ৷ তেওঁলোক হৈছে- 21 নং অসম আৰক্ষী বেটেলিয়নৰ উপ-পৰিদৰ্শক স্বপন কুমাৰ ৰয়, 6 নং অসম আৰক্ষী বেটেলিয়নৰ জোৱান শ্যাম সুন্দৰ দুসাধ, 21 নং অসম আৰক্ষী বেটেলিয়নৰ জোৱান ছামচুজ জামান বৰভূঞাঁ, কাচাৰ জিলাৰ আৰক্ষীৰ জোৱান লিটন শুক্লবৈদ্য, মজৰুল হক বৰভূঞাঁ আৰু 6 নং অসম আৰক্ষী বেটেলিয়নৰ জোৱান নজৰুল হুছেইন ৷