গুৱাহাটী,২৮ এপ্ৰিল: ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লবলৈ বুধবাৰে পুৱা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এক পৰ্যালোচনা বৈঠকত ভাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইতিমধ্যে বিভিন্ন জিলাত ক'ভিডৰ শেহতীয়া অৱস্থাৰ বুজ লোৱাৰ পিছত আজি গুৱাহাটীত এই পৰ্যালোচনাত বহে মুখ্যমন্ত্ৰী গৰাকী । বৈঠকত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উপৰিও গৃহ, শিক্ষা আদি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে । ইয়াৰ উপৰিও বিএছএফ, সেনা বাহিনী, বিমান বন্দৰ প্ৰাধিকাৰী, দুৰ্যোগ প্ৰশমন বিভাগ আদিৰ শীৰ্ষ বিষয়াসকলেও ভাগ লয় বুধবাৰৰ এই পৰ্যালোচনা বৈঠকত ।
ক'ভিড পৰিস্থিতি মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক - সেনা বাহিনী
ক'ভিড পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ ৰাজ্যৰ স্বাস্থ্য, গৃহ, শিক্ষা আদি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে এই বৈঠকত ৷
ক'ভিড পৰিস্থিতি মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক
বৃহস্পতিবাৰৰ পৰা ৰাজ্যত নৈশ সান্ধ্য আইন জাৰি কৰাৰ পিছত আইন শৃংখলাৰ অৱস্থাৰো বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বৈঠকত শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰীক ।
লগতে পঢ়ক:ঢেকীয়াজুলিৰ ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ দৃশ্য লাইভ...
Last Updated : Apr 28, 2021, 2:31 PM IST