গুৱাহাটী, 20 জুলাই: অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা ৰাজ্যজুৰি আৰম্ভ কৰা হৈছে 'মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প' কাৰ্যসূচী (Chief Minister's Institutional Plantation Programme )৷ অধিক সেউজ আৱৰণেৰে প্ৰাতিষ্ঠানিক চৌহদৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ উদ্দেশ্যেৰ আৰম্ভ কৰা এই অভিলাষী প্ৰকল্পটো সফল ৰূপত ৰূপায়িত কৰিবলৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰ ৷
শেহতীয়াকৈ, ৰাজ্যৰ পৰ্যটন বিভাগৰ অধীনত মঙলবাৰে গুৱাহাটীৰ দীঘলী পুখুৰীৰ চৌহদত গছপুলি ৰোপন কাৰ্যসূচী পালন কৰা হয় (Plantation programme under tourism department at Dighalipukhur in Guwahati)৷ পৰ্যটন বিভাগত শ্যামলী চৌহদ শীৰ্ষক কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Tourism Minister Jayant Malla Baruah)।