অসম

assam

By

Published : Jun 9, 2021, 12:06 PM IST

ETV Bharat / state

২০ দিনৰ ভিতৰত সাজু DRDOৰ অত্যাধুনিক ক'ভিড চিকিৎসালয়

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব DRDO ৰ ৩০০ খন বিচনাযুক্ত অত্যাধুনিক ক'ভিড হাস্পতাল । এই চিকিৎসালয়খনত ১০০ খন আইচিইউ আৰু ২০০ খন অক্সিজেনযুক্ত বিচনা সংলগ্ন কৰা হৈছে । ২২ কোটি টকা ব্যয় সাপেক্ষে চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে ।

Chief Minister will inaugurate DRDO's COVID Hospital
মুখ্যমন্ত্রীয়ে মুকলি কৰিব DRDOৰ ক'ভিড চিকিৎসালয়

গুৱাহাটী,৯ জুন: ২০ দিনতে নিৰ্মাণ কৰি তোলা হৈছে এখন অত্যাধুনিক ক'ভিড হাস্পতাল(COVID HOSPITAL) । সৰুসজাইত দেশৰ প্ৰতিৰক্ষা মন্ত্রালয়ৰ অধীনৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ'(DRDO)ৰ সহযোগত নিৰ্মাণ কৰা অত্যাধুনিক ক'ভিড চিকিৎসালয়খন মুকলিৰ বাবে সাজু কৰি তোলা হৈছে ।

সৰুসজাইত নিৰ্মাণ কৰা ক'ভিড চিকিৎসালয়খন ইতিমধ্যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. HIMANTA BISHWA SARMA) আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত(KESHAB MAHANTA)ই পৰিদৰ্শন কৰি সমগ্ৰ কাম-কাজৰ বুজ লৈছে । উল্লেখ্য যে, ১০ মে'ত ডিআৰডিঅ'(DRDO)ৰ লগত স্বাস্থ্য বিভাগৰ বুজাবুজিৰ চুক্তি সম্পন্ন হোৱাৰ পিছত ১৮ মে'ত ডিআৰডিঅ'ই চিকিৎসালয় নিৰ্মাণৰ বাবে সৰুসজাই ষ্টেডিয়ামৰ ভূমি চমজি লৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে ।

ইয়াৰ পাছত ২০ দিনৰ ভিতৰতে ডিআৰডিঅ'ই চিকিৎসালয়খন সম্পূৰ্ণ কৰি তোলে । মুঠ ৩০০ খন বিচনাযুক্ত এই চিকিৎসালয় খনত ১০০ খন আইচিইউ আৰু ২০০ খন অক্সিজেনযুক্ত বিচনা সংলগ্ন কৰা হৈছে । ১০ জুনত অৰ্থাৎ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে এই চিকিৎসালয়খন মুকলি কৰিব । সম্পূৰ্ণ ২২ কোটি টকা ব্যয় সাপেক্ষে চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে ।

ইয়াৰে ১৯.৭ কোটি ডিআৰডিঅ'ৰ নিৰ্মাণ কাৰ্যত ব্যয় হোৱাৰ উপৰিও বিদ্যুৎ সংযোগৰ বাবে এপিডিচিএলক ১.২৪ কোটি টকা, চিকিৎসালয়খনৰ চাৰিওফালে থকা পথ আৰু নৰ্দমা আদি নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক ৫৯ লাখ টকা আদায় দিয়া হৈছে । তদুপৰি খোৱাপানী যোগানৰ বাবদ এন এইচ এমে আদায় দিছে ধন । এই ক'ভিড চিকিৎসালয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GUWAHATI MEDICAL COLLEGE HOSPITAL)ৰ দ্বাৰা পৰিচালিত হ'ব ।

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জনোৱা মতে, ক'ভিড চিকিৎসালয়খনৰ ভিতৰভাগত প্ৰতিটো চিফটতে জিএমচিএইচৰ এগৰাকী সহযোগী অধ্যাপকৰ সহযোগত বিভিন্ন বিভাগৰ ১৮ গৰাকীকৈ চিকিৎসকে ক'ভিড আক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াব । তদুপৰি চিকিৎসালয়খনৰ বাহিৰত নতুন ক'ভিড আক্ৰান্তক ভৰ্তিকৰণ, আৰোগ্য লাভ কৰাসকলক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান আৰু কাউঞ্চেলিঙৰ বাবে সুকীয়াকৈ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দল থাকিব । উল্লেখ্য যে, চিকিৎসালয়খনত ক'ভিড চিকিৎসাৰ সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা প্ৰযোজ্য আছে ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়(AMCH)ৰ চৌহদত অক্সিজেন জেনেৰেটৰ প্লাণ্ট স্থাপন

ABOUT THE AUTHOR

...view details