গুৱাহাটী,৮ মাৰ্চঃঅসমৰ ৰাইজে পুনৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ বিচাৰিছে। অসমৰ ৰাইজে ভোটৰ দিনটোৰ অপেক্ষাত আছে। সোমবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্রী সোণোৱালে কয়, বিভিন্ন সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলি আছে। অপেক্ষা মাথো নিৰ্বাচনলৈ। পুনৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব । বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আছে বুলি মন্তব্য প্ৰকাশ কৰে সোণোৱালে ।