অসম

assam

By

Published : Jun 12, 2020, 7:25 PM IST

ETV Bharat / state

নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধিৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এই পৰ্যন্ত ৰাজ্যত ৭২ টা কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ লগতে কৰ'ণাত আক্ৰান্ত ৰোগীৰ বাবে ১২২৫ খন আইচ'লেশ্যন বিচনাৰ লগতে সন্দেহজনক ৰোগীৰ বাবে ৪২৫ খন আইচ'লেছন বিচনাৰ ব্যৱস্থা আছে ৷ ইয়াৰ উপৰি ১৯২ টা আই চি ইউ আৰু ১৮৩ টা ভেণ্টিলেশ্যনৰ ব্যৱস্থাও সাজু কৰি ৰখা হৈছে

Chief Minister Sarbananda Sonowal has directed to increase the rate of sample tests.
নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধিৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটী, 12 জুনঃৰাজ্যত শেহতীয়াকৈ COVID ১৯ সংক্ৰমণৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ। যাৰ ফলস্বৰূপে সাধাৰণ লোকৰ মাজত নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে COVID১৯ৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ জনতা ভৱনত এক পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধিৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ইপিনে কোৱাৰেণ্টাইন চেণ্টাৰ আৰু কণ্টেইনমেণ্ট জ'ন সমূহত স্বাস্থ্য বিভাগৰ সকলো নীতি নিৰ্দেশনা যাতে কঠোৰভাৱে পালন কৰা হয় তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

আনহাতে,এই পৰ্যালোচনা বৈঠকতে স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই মত পোষণ কৰি কয় যে, আগন্তুক তিনি-চাৰি দিনৰ ভিতৰত ৰাজ্যৰ ১৫ টাকৈ পৰীক্ষাগাৰত নমুনা পৰীক্ষা সম্ভৱ হৈ উঠিব ।এই পৰ্যন্ত ৰাজ্যত ৭২ টা কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ লগতে কৰ'ণাত আক্ৰান্ত ৰোগীৰ বাবে ১২২৫ খন আইচ'লেশ্যনৰ বিচনাৰ লগতে সন্দেহজনক ৰোগীৰ বাবে ৪২৫ খন আইচ'লেশ্যন বিচনাৰ ব্যৱস্থা আছে ৷ ইয়াৰ উপৰি ১৯২ টা আই চি ইউ আৰু ১৮৩ টা ভেণ্টিলেশ্যনৰ ব্যৱস্থাও সাজু কৰি ৰখা হৈছে বুলি আজি স্বাস্থ্য বিভাগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৱগত কৰে ৷

লগতে পঢ়কঃৰঙিয়াত ছাত্ৰনেতাই সাজি দিলে অসহায় বৃদ্ধাৰ গৃহ

ABOUT THE AUTHOR

...view details