গুৱাহাটী, 20 এপ্ৰিল: "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমত আম আদমি পাৰ্টীৰ উত্থানত ভীষণ ভয় খাইছে ৷ মুখ্যমন্ত্রীৰ শেহতীয়া কেতবোৰ মন্তব্যই এই কথা প্রতিপন্ন কৰিছে ৷ দুদিনৰ পূর্বে মুখ্যমন্ত্রী শৰ্মাই কোনো প্ৰসংগ নোহোৱাকৈ কেতবোৰ ভুল তথ্যৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক টুইটাৰত আক্ৰমণ কৰে (Assam CM attack Delhi CM Aravind Kejriwal) ৷
দিল্লীৰ বিনামূলীয়া বিজুলীতকৈ অৰুণোদয় বহুত ডাঙৰ আঁচনি বুলি এক গোকাট মিছা মাতিলে ৷ অৰুণোদয় আঁচনিত এগৰাকী হিতাধিকাৰীয়ে প্রতি মাহে ১২৫০ টকাকৈ লাভ কৰে ৷ দিল্লীত ২০০ ইউনিটলৈকে বিজুলী বিনামূলীয়া আৰু পৰৱৰ্তী ৩০০ ইউনিটলৈকে বিদ্যুৎ মাচুলত ৫০ শতাংশ ৰেহাই দিয়া হয় । অসমত প্রতি ইউনিট বিদ্যুত গড় দাম ৭ টকা বুলি ধৰিলে ২০০ ইউনিটৰ দাম হয়গৈ ১৪০০ টকা ৷ গতিকে দিল্লীৰ প্ৰতিঘৰ লোকে মাহে ন্যূণতম ১৪০০ টকাকৈ সকাহ পাই আছে ৷ কোনটোৰ পৰিমাণ বেছি ? ১২৫০ টকা নে ১৪০০ টকা ?" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে আপৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকনে (Chief Minister is scared of Aam Aadmi Party) ৷
সমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল সংগঠনে নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধিছে ৷ অসমলৈ সঘনাই আগমন ঘটিছে প্ৰতিটো ৰাজনৈতিক দলৰ কেন্দ্ৰীয় নেতৃত্ব ৷ ইফালে এইবেলি ৰাজ্যত আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱত মানে জনসভা অনুষ্ঠিত কৰাৰ পিচতেই বিজেপিক তীক্ষ্ণ প্ৰশ্নবানেৰে থকা সৰকা কৰিছে দলটোৱে ৷
বৃহস্পতিবাৰে আম আদমি পাৰ্টীৰ গুৱাহাটীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকনে কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমত বিজুলী বিনামূলীয়া কৰাৰ যে সামর্থ নাই, সেই কথা স্বীকাৰ কৰক (AAP press meet on questioning BJP)। লগতে দিল্লীত যিদৰে ২৪ ঘণ্টাই বিজুলী যোগান ধৰা হয়, অসমতো কৰি দেখুৱাওক । এই দাবী আম আদমি পাৰ্টীৰ ।